উত্তৰ পূৱৰ এগৰাকী কণমানিৰ প্ৰতিভাই মুহিলে অমিত শ্বাহক

শনিবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিছ একাডেমী উদ্বোধন কৰি পোনে পোনে মিজোৰামৰ আইজললৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আইজলত অনুষ্ঠিত Assam rifles ৰ কেম্প স্থানান্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। এই অনুষ্ঠানতে এগৰাকী কণমানিৰ সংগীতে মুগ্ধ কৰিলে অমিত শ্বাহক । মিজোৰামৰ কণমানি কণ্ঠশিল্পী Esther Laduhawmi Hnamteয়ে প্ৰদৰ্শন কৰা বন্দে মাতৰম গীতটিয়ে গভীৰ ভাৱে আৱেগিক কৰি তোলে গৃহমন্ত্ৰী গৰাকীক ।

এই অনুষ্ঠানৰ পিছতেই সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি গৃহমন্ত্ৰী গৰাকীয়ে প্ৰশংসাৰে ওপচাই পেলাই কণমানি এষ্টাৰক । কণমানি গৰাকীৰ গীতত আপ্লুত হৈ অনুষ্ঠানৰ অন্তত তেওঁক প্ৰশংসা জনাই উপহাৰ স্বৰূপে এখন গীটাৰ আগবঢ়ায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

Leave A Reply

Your email address will not be published.