আমেৰিকাৰ পৰা বাহিৰ হ’ল প্ৰবাসী ভাৰতীয়, প্ৰতিবাদেৰে প্ৰধানমন্ত্ৰীক জবাবদিহি কৰিলে বিৰোধীয়ে

শপত গ্ৰহণৰ পিছতেই অবৈধ অনুপ্ৰবেশকাৰীক আমেৰিকাৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । সেই অনুসৰিয়ে ১০৪ জন ভাৰতীয়ক আমেৰিকাৰ সামৰিক বিমান চি১৪৭ ৰে ভাৰতলৈ ঘূৰাই পঠায় ট্ৰাম্প প্ৰশাসনে । হাতত হেণ্ডকাফ আৰু শিকলিৰে বান্ধি ভাৰতীয় অনুপ্ৰৱেশকাৰী সকলক বিমান বন্দৰলৈ লৈ অনা হৈছিল । এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ভাৰতত । কিয়নো অনুপ্ৰৱেশকাৰী হ’লেও তেওঁলোক কোনো সন্ত্ৰাসবাদী নহয় । শিকলি আৰু হেণ্ডকাফেৰে ভাৰতীয়ক বান্ধি অনা কাৰ্যত বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি সংসদৰ বাহিৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতি সাব্যস্ত কৰে ।

সমান্তৰালভাৱে বিৰোধী নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কয় যে –

শিকলি আৰু হেণ্ডকাফেৰে ভাৰতীয়ক বন্ধা কাৰ্য ভাৰত আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে অতি লজ্জাজনক ।দেশৰ প্ৰতিজন জনসাধাৰণ অপমানিত হৈছে । আনহাতে আমেৰিকাৰ পৰা বিতাড়িত হোৱাৰ ক্ষণত সন্মুখীন হোৱা পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে হৰবিন্দৰ সিং নামৰ এজন ভাৰতীয় অনুপ্ৰৱেশকাৰীয়ে । নিজৰ স্থানৰ পৰা এক ইঞ্চিও লৰচৰ কৰিবলৈ দিয়া হোৱা নাছিল বুলি উল্লেখ কৰি হৰবিন্দৰ সিঙে ।

ইফালে আমেৰিকাৰ পৰা ভাৰতীয়ক বিতাড়িত কৰা সন্দৰ্ভত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সংসদৰ মজিয়াত ভাষণ প্ৰদান কৰি কয় যে অবৈধ অনুপ্ৰবেশকাৰীক বিতাড়িত কৰাটো কোনো নতুন কথা নহয় । আমেৰিকাৰ নিয়ম অনুসৰি ভাৰতীয়সকলক ঘূৰাই পঠিওৱা হৈছে । তেওঁ লগতে কয় যে ২০০৯ চনৰ পৰা বৰ্তমানলৈ আমেৰিকাই ৭৩৪ জন ভাৰতীয়ক বিতাড়িত কৰিছে ।

Leave A Reply

Your email address will not be published.