মুকলি হ’ল কপিলীৰ ওপৰত মৰিগাঁও-জাগীৰোড সংযোগী দলং

যাতায়ত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে জাগীৰোড সমষ্টিৰ অন্তৰ্গত জাগী ভকতগাঁৱত নিৰ্মিত মৰিগাঁও জাগীৰোড সংযোগী দলংখন আজি সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে শুভ উদ্বোধনী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । জাগী ভকতগাঁৱত এক বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ ওচৰত এই দলংখন উৎসৰ্গা কৰে । প্ৰায় ৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই দলংখন । উক্ত পথেৰে যাত্ৰা কৰা লোকসকলৰ দশকজোৰা সমস্যাই স্থায়ী সমাধান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে মৰিগাঁওবাসী ৰাইজ । পুৰণি তথা ঠেক দলঙখনেৰে যাতায়তৰ ক্ষেত্ৰত বিগত বছৰ বছৰ ধৰি যাতনা ভূগি আহিছিল মৰিগাঁও জিলা বাসীয়ে ৷ কিয়নো এই অঞ্চলত কপিলীৰ ওপৰত পূৰ্বতে থকা দলংখনৰ ওপৰেৰে এটা দিশৰ পৰা গাড়ী আহিলে, বিপৰীত দিশৰ গাড়ীসমূহ ৰাখি থাকিব লগীয়া হৈছিল। যাৰ বাবে ৰোগীসকলে জীয়াতু ভোগাৰ লগতেই যথা সময়ত চিকিৎসা লাভ কৰাৰ পৰাও বিৰত হ’বলগীয়া হৈছিল । সময়ে সময়ে এই দলংখন নিৰ্মাণৰ বাবে বিভিন্ন দল সংগঠনসমূহে ভিন ভিন প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাও দেখিবলৈ পোৱা গৈছিল । জাগী ভকতগাঁও অঞ্চলটোৰ উন্নয়নৰ বাবে এনে এক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক অশেষ ধন্যবাদ জ্ঞাপন কৰে মৰিগাঁও তথা জাগীৰোডবাসী ৰাইজে।

Leave A Reply

Your email address will not be published.