স্বল্পৱসনাৰ পৰা এতিয়া ভগৱা বস্ত্ৰধাৰী হ’ল মমতা

চলিত মহা কুম্ভত বিভিন্ন কাৰণত বহু সাধু-সন্ন্যাসী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ চৰ্চালৈ আহিছে বলিউডৰ এগৰাকী অভিনেত্ৰী । বলিউডৰ জনপ্ৰিয় ছৱি কৰণ অৰ্জুনৰ নায়িকা মমতা কুলকাৰ্ণী এইবাৰ সন্ন্যাস গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে ।

৯০ দশকৰ বিখ্যাত অভিনেত্ৰী মমতা কুলকাৰ্ণী হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। চলচ্চিত্ৰ জগত এৰি বৰ্তমান ধৰ্মৰ পথ গ্ৰহণ কৰিছে অভিনেত্ৰীগৰাকীয়ে । প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হৈ সন্যাসৰ দীক্ষা গ্ৰহণ কৰে মমতা কুলকাৰ্ণীয়ে । গেৰুৱা বসন আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালাৰে সৈতে কুম্ভমেলাৰ স্থলীত দেখা গৈছে অভিনেত্ৰীগৰাকীক।

কিন্নৰ আখাড়াত মহামণ্ডলেশ্বৰ হিচাপে অভিষেক ঘটোৱা হয় মমতা কুলকাৰ্ণীক । অভিনেত্ৰী মমতা কুলকাৰ্ণীক পৰম্পৰাগত পট্টাভিষেকৰে সৈতে মহামণ্ডলেশ্বৰৰ উপাধি প্ৰদান কৰা হ’য়। কিন্নৰ আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ ড° লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীৰ পৰাও ইতিমধ্যে আশীৰ্বাদ গ্ৰহণ কৰিছে তেওঁ। মহামণ্ডলেশ্বৰ স্বামী জয় আম্বানন্দ গিৰিৰ নিৰ্দেশনাত মহামণ্ডলেশ্বৰ উপাধি লয় মমতা কুলকাৰ্ণীয়ে। এতিয়াৰে পৰা মমতা নন্দ গিৰি নামেৰে পৰিচিত হ’ব মমতা কুলকাৰ্ণী।

উল্লেখযোগ্য যে মমতা কুলকাৰ্ণীয়ে বলীউডৰ বহু ছবিত কাম কৰি আহিছে। অৱশ্যে দীৰ্ঘদিন ধৰি ছবিৰ পৰা আঁতৰি আছে। বৰ্তমান সন্ন্যাসৰ প্ৰতি আকৰ্ষিত হৈ আধ্যাত্মিক পথ অনুসৰণ কৰি তেওঁ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ মেলাত কিন্নৰ আখাড়াত সন্ন্যাসৰ দীক্ষা গ্ৰহণ কৰিছে। শুক্ৰবাৰে সন্ধিয়া ৬বজাত তেওঁৰ পট্টাভিষেক অনুষ্ঠান অনুষ্ঠিত হয় ।

Leave A Reply

Your email address will not be published.