বিকাশ আৰু প্ৰগতিৰ লক্ষ্যৰে মিজোৰামলৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে উত্তৰ পূবলৈ আহিছে দেশৰ গৃহমন্ত্ৰীগৰাকী। উত্তৰ পূবৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে,কাৰ্যপন্থা হাতত লোৱাৰ লক্ষ্যৰে এই ভ্ৰমণ গৃহমন্ত্ৰীগৰাকীৰ। আজি দিনৰ ভাগত গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাৱত উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ একাডেমীৰ। অসমক এক শক্তিশালী পুলিচ ফোৰ্চ প্ৰদানৰ লক্ষৰে উদ্বোধন কৰে এই পুলিচ একাডেমীখন। তাৰ পিছতে পোনে পোনে মিজোৰামলৈ ৰাওনা হয় গৃহমন্ত্ৰীগৰাকী।মিজোৰামত উপস্থিত হৈ অমিত শ্বাহে অংশ লয় Assam Rifleৰ Camp স্থানান্তৰণ অনুষ্ঠানত। যদিও Assam Rifle ৰ Camp স্থানান্তৰণ অনুষ্ঠানত উপস্থিত হৈছিল তথাপি গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰামৰ সৰ্বাংগীন বিকাশৰ ওপৰতো ভাষণ প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে যে, আইজল চহৰখন পাহাৰীয়া এলেকাত অৱস্থিত বাবে তাৰ বিকাশত অসুবিধাৰ সন্মুখীন হৈ আহিছে চৰকাৰ। কিন্তু আইজলক এখন মহানগৰ ৰূপে গঢ় দিয়াৰ কথা সদৰি কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে ।মিজোৰামৰ ৰাজধানী চহৰ আইজলৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ জোখাওচাংত অনুষ্ঠিত এই সভাত মিজোৰামৰ আৰু বহুকেইটা বিষয়ক গুৰুত্ব সহকাৰে লৈ তাৰ বিকাশৰ হকে কাম কৰাৰ কথাও উল্লেখ কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে।

amit shahassamBest news portal in assamd newsDnewsmizoramtop news portal in north east
Comments (0)
Add Comment