নৰেন্দ্ৰ মোডীলৈ মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান

মঙলবাৰে প’ৰ্ট লুইছৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুল আৰু ফাৰ্ষ্ট লেডী বৃন্দা গোখুলক সাক্ষাৎ কৰে। প’ৰ্ট লুইছৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি গোখুলে ।মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশৰ সৰ্বোচ্চ বঁটা ‘দ্য গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান অ’চেন’ প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগেই মৰিছাছৰ সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে স্বীকৃতি লাভ প্ৰধানমন্ত্ৰী মোদীয়ে। মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰাৰ পিছতেই মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা ২১টা লৈকে বৃদ্ধি পায় । আনহাতে মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মৰিছাছৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে মৰিছাছৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰাৰ বাবেও নৱীনচন্দ্ৰ ৰামগোলামক কৃতজ্ঞতা জনায় মোদীয়ে ।

assamBest news portal in assamd newsDnewsHighest Civilian AwardMauritiusNarendra Moditop news portal in northeast
Comments (0)
Add Comment