কানাডাৰ টৰন্ট’ত বিমান দুৰ্ঘটনা

সোমবাৰে বিয়লি টৰন্টো পিয়ৰছন বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তেই এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ডেল্টা এয়াৰ লাইনছৰ বিমানখনে আলকাতৰাত দুৰ্ঘটনাগ্ৰস্ত হৈ উলটি পৰে । জানিব পৰা মতে বিমানখনত ৮০ জন যাত্ৰী উপস্থিত আছিল । ইয়াৰে ২২ জন কানাডিয়ান যাত্ৰী আছিল । প্ৰাপ্ত তথ্য অনুসৰি কমেও ১৮ জন লোক এই দুৰ্ঘটনাত আহত হৈছে আৰু ইয়াৰে এজন শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহত আটাইকেইজনকে চিকিৎসাৰ বাবে ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হয় ।

বাওঁফালৰ কাষৰ উইঙত যান্ত্ৰিক বিজুতি ঘটাৰ ফলত আংশিকভাবে জ্বলি উঠে । এই শিহৰণকাৰী ঘটনাৰ সময়ত আতংকিত হৈ পৰিছিল যাত্ৰীসকল। পাইলটৰ তৎপৰতাত যাত্ৰীসকলক সুকলমে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। এই ঘটনাৰ পাছতে সমগ্ৰ হেলিফেক্স বিমানবন্দৰটো কেইবাঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হয়। এই দুৰ্ঘটনাই কানাডাত আগন্তুক দিনলৈ বিমান পৰিবহণত বিশৃংখলতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।  ইতিমধ্যে শীতকালীন ধুমুহাৰ ফলত বিমান পলম আৰু বাতিলৰ সিদ্ধান্তত শিহৰিত হৈ পৰিছিল দেশৰ সৰ্ববৃহৎ আৰু ব্যস্ত বিমানবন্দৰটো।

#plane crashassamDnews
Comments (0)
Add Comment