কুম্ভ মেলাৰ দৰ্শনাৰ্থীৰ লগত পুনৰ পদপিষ্টৰ ঘটনা

আৰম্ভণিৰ দিনৰে পৰাই ব্যাপক চৰ্চাত লাভ কৰিছে প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহা কুম্ভ মেলাই । কেতিয়াবা যদি মেলা স্থলীৰ কোনো সাধু-সন্ন্যাসী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, কেতিয়াবা আকৌ কোনো ৰাজনৈতিক নেতাৰ উপস্থিতিয়ে বিতৰ্কৰ সৃষ্টি কৰিছে । তাৰ মাজতেই মহাকুম্ভ মেলাত ঠায়ে ঠায়ে অগ্নিকাণ্ডৰো সূত্ৰপাত হৈছে । সকলোতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়াহে, যেতিয়া মেলা স্থলীত অগণন ভক্তৰ সমাৱেশৰ বাবে পদপিষ্ট হৈ অনেক জনে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ।

পদপিষ্ট হোৱা ঘটনাৰ পুনৰাবৃত্তি ঘটিছে কুম্ভমেলাৰ দৰ্শনাৰ্থীৰ লগত । দৰাচলতে শনিবাৰে নিশা মহা কুম্ভ মেলা লৈ যোৱা অসংখ্য যাত্ৰীয়ে ভিৰ কৰেহি নতুন দিল্লীৰ ৰেলৱে ষ্টেচনত । প্ৰয়াগৰাজ অভিমুখে ৰাওনা হ’বলগীয়া ৩ খনকৈ ৰে’ল পলম হোৱাৰ বাবে ৰেলৱে ষ্টেচনটোত অভাৱনীয় হাৰত যাত্ৰীৰ ভিৰ বৃদ্ধি পায় । যাত্ৰীসকলক নিয়ন্ত্ৰণ কৰাত প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰে । অধিক সমাগমৰ ফলত যাত্ৰীসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয় আৰু একাংশ যাত্ৰী ষ্টেচনতেই অজ্ঞান হৈ পৰে । অধিক যাত্ৰীৰ ভিৰৰ মাজতেই পদপিষ্ট হৈ ১৮জন লোকে মৃত্যুক সাৱটি লয় । এই ঘটনাত আহত সকলক ততালিকে লোক নায়ক হাস্পাতালত ভৰ্তি কৰোৱা হয় । এম্বুলেঞ্চৰ অভাৱত বহু আহতক অট’ত উঠাই চিকিৎসালয়লৈ নিব লগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছিল । মৃত সকলৰ ভিতৰত অধিকাংশই মহিলা যাত্ৰী বুলি নিশ্চিত কৰিছে হাস্পাতাল কৰ্তৃপক্ষই ।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বহু কেইজন ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰিছে । ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভিৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰাৰ কথা টুইটযোগে ঘোষণা কৰে । লগতে ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা মৃতকৰ পৰিয়াললৈ ১০ লাখ, গুৰুতৰভাৱে আহত সকললৈ আঢ়ৈ লাখ আৰু সামান্য আঘাতপ্ৰাপ্ত সকললৈ ১ লাখকৈ ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হৈছে ।

assamDnewsnew delhistamped
Comments (0)
Add Comment