৯ মাহৰ অন্তত ধৰা লৈ উভতিব সুনীতা উইলিয়ামছ

যোৱা ৮ মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে। তেওঁলোক কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব এই প্ৰশ্নৰ কোনো সঠিক উত্তৰ নাছিল নাছাৰ হাতত । নাছাৰ অহৰহ প্ৰচেষ্টাৰ অন্তত সকলো ঠিকে থাকিলে মাৰ্চ মাহত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সুনীতা আৰু তেওঁৰ সহযোগী বুচে নিশ্চিত কৰিছে যে ১২ মাৰ্চত পৃথিৱীৰ পৰা মহাকাশলৈ ক্ৰু-১০ অভিযান আৰম্ভ হ’ব । নাছাৰ চাৰিজন মহাকাশচাৰীৰ সৈতে নাছাই ক্ৰু-১০ অভিযান আৰম্ভ কৰিব। সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক লৈ মহাকাশযানখন ১৯ মাৰ্চত পৃথিৱীত অৱতৰণ কৰিব। ক্ৰু-১০ মিছন ১২ মাৰ্চত আৰম্ভ কৰা হ’ব আৰু এই মিছন আৰম্ভ হোৱাৰ এসপ্তাহৰ পিছত ১৯ মাৰ্চ তাৰিখে পৃথিৱীলৈ উভতিব দুয়ো ।

মাত্ৰ আঠ দিনীয়া অভিযানৰ বাবে মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ মহাকাশযানৰ যান্ত্ৰিক বিজুতিৰ বাবে মহাকাশত আৱদ্ধ হৈ পৰিছিল। কিন্তু দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই ড’নাল্ড ট্ৰাম্পে স্পেচএক্সৰ এলন মাস্কক মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰীসকলক ঘূৰাই আনিবলৈ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতিৰ নিৰ্দেশৰ পিছতেই ক্ৰু-১০ মিছনৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ কৰা হৈছে ।

assamDnewsSunita Williams
Comments (0)
Add Comment