সোমবাৰে মধ্য আমেৰিকাৰ এখন অতি সৰু দেশ গুৱেটামালাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছ দলঙৰ ১১৫ ফুট তলৰ খাৱৈত বাগৰি পৰে। এই মৰ্মান্তিক ঘটনাত ৫৫ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাটোৱে সমগ্ৰ দেশখনতেই শোকৰ ছাঁ পেলাইছে। দেশৰ ৰাষ্ট্ৰপতি বাৰ্নাৰ্ডো আৰেভায়োৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।
উক্ত বাছখন ৰাজধানীৰ উত্তৰ-পূবৰ প্ৰগ্ৰেছোৰ পৰা গুৱেটামালা চহৰলৈ গৈ আছিল । হঠাৎ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ইখনৰ পিছত সিখন গাড়ীত খুন্দা মাৰে । অৱশেষত যাত্ৰীৰে ভৰ্তি বাছখন দলঙৰ লোহাৰ ৰেলিং ভাঙি দলঙৰ পৰা ১১৫ ফুট তলৰ এটা খাৱৈত পৰি যায় । এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৫৩ জন যাত্ৰীৰ। গুৰুতৰভাৱে আহত কেইবাজনো লোকক হাস্পতাললৈ লৈ যোৱা হয় আৰু চিকিৎসাধীন অৱস্থাত অন্য দুজন যাত্ৰীৰ মৃত্যু হয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিশুও আছে বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাৰ পিছতেই দেশখনৰ ৰাষ্ট্ৰপতি বাৰ্নাৰ্ডো আৰেভায়োৱে দেশজুৰি ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰাৰ কথা ছ’চিয়েল মিডিয়া যোগে জানিবলৈ দিয়ে ।