বাথৌ পূজা বা বাথৌ উৎসৱ অসমৰ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰেৎ সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস হয় যে দেৱতা শিৱ তেওঁলোকৰ পিতৃদেৱ। বাথৌ পূজাৰ দিনা সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তি পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয় আৰু বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত সুৰা-মাংস আদিৰে নৈবেদ্য আগবঢ়োৱা হয়।
‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ। তেওঁলোকে শিৱক জীৱৰ স্ৰষ্টা বুলি বিশ্বাস কৰে। বড়ো সকলে ‘সিজু’ গছক পূজা কৰে। এই গছে শিৱক প্ৰতিনিধিত্ব কৰে বুলি তেওঁলোকে বিশ্বাস কৰে। মূল বেদীৰ সিজু গছৰ তলতে এখন কলৰ পাত পাৰি , তাৰ ওপৰত তামোল-পাণ এযোৰা , এ আখি কল , ধূপ-ধূনা আৰু শলিতা জ্বলাই দিয়া হয়। তাতেই খৌৰিয়া বৌৰায় খৌৰিয়া বুৰি বাথৌ মহাৰাজক আসন দিয়া হয়।মূল বেদীটোৰ পৰা বাওঁফালে আগবঢ়াই লৈ যোৱা আলিটোৰ ওপৰত সৰু সৰুকৈ কলপাত পাৰি তাৰ ওপৰত তামোল-পাণ দি , ধূপ-ধূনা জ্বলাই খেৰায়ৰ অন্যান্য দেৱ-দেৱীৰ আসন দিয়া হয়।
বাথৌ মহাৰাজক পুজিবলৈ এটা গাহৰি বলি দিয়া হয়।বলিৰ তেজ বাথৌ মহাৰজাৰ হৈ দেওধনিয়ে পি খায়। বলিৰ মূৰ আৰু সামান্য তেজ দেৱতাৰ আসনৰ পাতত থৈ বাথৌ মহাৰাজক আগবঢ়াই দিয়া হয়। বলিৰ ঠেং আৰু গাৰ পৰা কিছু অংশ মঙহ কাটি লৈ তাক আঞ্জা ৰান্ধি সেই আঞ্জা বাথৌ মহাৰাজক আগবঢ়াই দিয়ে।দেৱ-দেৱীলৈ আগবঢ়াব খোজা যি কোনো আঞ্জাত লোণ-তেল , হালধি , মছলা , জলকীয়া দিয়াৰ নিয়ম নাই।