আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন

আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন। ১৮৭৭চনৰ ২২জানুৱাৰী তাৰিখে গুৱাহাটীৰ ভৰলুমুখত জন্ম হৈছিল তৰুণৰাম ফুকনৰ। তেওঁৰ পিতৃৰ নাম আছিল বলৰাম ফুকন আৰু মাতৃৰ নাম ভাগীৰথী। তৰুণৰাম ফুকনে গুৱাহাটীত অধিবক্তা হিচাপে যথেষ্ট সুনাম কৰিছিল।

১৯১৪চনত ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰা তৰুণৰাম ফুকনে ইংৰাজৰ ওচৰত অসমৰ স্বায়ত্ত শাসনৰ দাবী তুলিছিল। ১৯২৬ চনত অসমত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা সফল কৰাত তেওঁৰ যথেষ্ট বৰঙণি আছিল । চিকাৰী হিচাপেও তৰুণৰাম ফুকনৰ নাম আছিল। দেশৰ প্ৰতি থকা তেওঁৰ দায়িত্ববোধৰ বাবে আৰু দেশপ্ৰেমৰ কাৰনে দেশভক্ত উপাধি প্ৰদান কৰা হৈছিল তৰুণৰাম ফুকনক।

১৯২৭চনত অসম সাহিত্য সভাৰ সভাপতি আসনতো অধিষ্ঠিত হৈছিল তৰুণৰাম ফুকন। অসমৰ ৰাজনীতি, সমাজ জীৱনত তৰুণৰাম ফুকনৰ আছে বিশেষ ভূমিকা। এইগৰাকী দেশপ্ৰেমিক তথা অসমী আইৰ সুযোগ্য সন্তানৰ ১৯৩৯ চনৰ ২৮জুলাইত মৃত্যু হৈছিল ।

assamDnews
Comments (0)
Add Comment