আৰক্ষীৰ জিম্মাত অভিনেতা ছেইফ আলী খানৰ আক্ৰমণকাৰী

দেওবাৰে থানেত বলীউডৰ অভিনেতা ছেইফ আলী খানক ছুৰীৰে আঘাত কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।  ছেইফ আলী খানৰ ঘৰত সংঘটিত হোৱা চাঞ্চল্যকৰ আক্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে জনোৱা মতে অভিযুক্তৰ নাম শ্বৰিফুল ইছলাম শ্বেহজাদ আৰু তেওঁ এগৰাকী বাংলাদেশী নাগৰিক৷ অভিনেতা ছেইফ আলী খানক ছয়বাৰকৈ ছুৰীৰে আঘাত কৰি গ্ৰেপ্তাৰ হোৱা লোকজন অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা আৰু বিগত কেইমাহমান ধৰি মুম্বাইত বাস কৰি থকা বুলি আজি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰে। লগতে তেওঁ হাউচকিপিং এজেন্সী এটাত কাম কৰি আছিল বুলিও জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষী উপ-আয়ুক্ত দীক্ষিত গেদামে কয় যে “আমি তেওঁৰ পৰা কিছুমান বস্তু উদ্ধাৰ কৰিছো যাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ এগৰাকী বাংলাদেশী নাগৰিক।” “তেওঁ অবৈধভাৱে ভাৰতলৈ আহি বিজয় দাস বুলি নাম সলনি কৰি লৈছে।” 

থানেৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্তটোক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰো গোচৰ ৰুজু কৰিছে । অভিযুক্ত জনক ৫ দিনৰ বাবে জিম্মাত ল’ব আৰক্ষীয়ে ।

assamDnews
Comments (0)
Add Comment