১৯০ মিলিয়ন পাউণ্ডৰ আল কাদিৰ ট্ৰাষ্টৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে । লগতে তেওঁৰ পত্নী বুছৰা বিবিক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আল-কাদিৰ ইউনিভাৰ্চিটি প্ৰজেক্ট ট্ৰাষ্টৰ সৈতে জড়িত কৰ্তৃত্বৰ অপব্যৱহাৰ আৰু দুৰ্নীতিৰ বাবে দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । পাকিস্তানৰ নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰোৱে ২০২৩ চনত ইমৰাণ খান আৰু পত্নী বুছেৰা বিবিৰ বিৰুদ্ধে দাখিল কৰিছিল এই গোচৰ । গোচৰ অনুসৰি ইমৰাণ খান আৰু বুছৰা বিবি সহিতে আন ৬ জন লোকে ৰাষ্ট্ৰখনৰ ১৯০ মিলিয়ন পাউণ্ড টকা অবৈধভাৱে হস্তান্তৰ কৰাৰ বিনিময়ত বাহৰিয়া টাউন লিমিটেডৰ পৰা কোটি কোটি টকা আৰু শ শ কানাল মাটি লাভ কৰিছিল । ২০২৩ চনৰ ভূমি হস্তান্তৰ কৰা কেলেংকাৰিৰ সৈতে নাম সাঙোৰ খাই পৰিছিল দম্পতিহালৰ ।
ইফালে এই ৰায়দানৰ পিছতেই প্ৰতিবাদত নামি পৰিছে ইমৰাণ খানৰ সমৰ্থকসকল । ইমৰাণ খান তথা পত্নীক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে পাকিস্তানত আৰম্ভ হৈছে প্ৰতিবাদ ।