প্ৰয়াগৰাজত আজিৰে পৰা মহা কুম্ভ মেলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজিৰে পৰা আৰম্ভ হৈছে মহা কুম্ভ মেলা। মেলাৰ প্ৰথম দিনটোতেই আজি পৌশ পূৰ্ণিমাৰ প্ৰথম স্নান। ১২ কিলোমিটাৰ অঞ্চল জুৰি নিৰ্মাণ কৰা স্নান ঘাটবোৰলৈ ভক্তৰ লানি নিচিনা সোত বৈছে। সংগমলৈ যোৱা সকলো প্ৰৱেশ পথতে ভক্তৰ ভিৰ। বাছ আৰু ৰেল ষ্টেচনৰ পৰা ১০-১২ কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি ভক্তসকল সংগমস্থলী পাবলৈ সক্ষম হৈছে।

বহু বিদেশী ভক্ত এই প্ৰচণ্ড শীতকো নেওচি বিলীন হৈছে সনাতনী ধৰ্মৰসত। এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ পত্নী লৰেন পাৱেল জবছো আহি মহা কুম্ভমেলাত উপস্থিত হৈছে ।

ইফালে ৬০ হাজাৰ জোৱানক নিৰাপত্তা আৰু আইন-শৃংখলা বজাই ৰখাৰ কামত নিয়োজিত কৰা হৈছে। লক্ষাধিক জনসমাগমক পৰিচালনা কৰি আছে আৰক্ষী জোৱানসকলে। কমাণ্ডো আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানকো বিভিন্ন স্থানত মোতায়েন কৰা হৈছে।

assamDnewsMaha kumbh Mela
Comments (0)
Add Comment