দেশ এৰি পলায়ন ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ

দেশ এৰি পলায়ন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ, ছিৰিয়াৰ ৰাজধানীত ৪খন চহৰ দখল বিদ্ৰোহীৰ l

ছিৰিয়াৰ পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে জেলৰ পৰা মুক্ত কৰি দিয়া হৈছে বন্দীসকলক।দেশ এৰি পলাবলৈ বাধ্য ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।ৰাষ্ট্ৰপতিলৈ ভাবুকি অহাৰ পিছতেই দেশ এৰি পলায়ন কৰে ৰাষ্ট্ৰপতিয়ে। যিকোনো মুহূৰ্তত ৰাষ্ট্ৰপতি আছাদে হেৰুৱাব পাৰে ক্ষমতা।দেশখনৰ পৰা পলায়ন ২ হাজাৰৰো অধিক সেনাৰ।দেশ এৰি পলায়নৰ বাবে ডামাস্কাছ এয়াৰপ’ৰ্টত ভিৰ বহু নাগৰিকে।ইফালে ডামাস্কাছৰ সমীপৰ কাৰাবন্দীক মুকলি কৰি দিছে বিদ্রোহী।ছিৰিয়াৰ চেডনায়া কাৰাগাৰত বন্দী সকলকো মুকলি কৰি দিছে বিদ্রোহীয়ে। ২৭ নৱেম্বৰত ছিৰিয়াত সেনা আৰু ছিৰিয়াৰ বিদ্ৰোহী সংগঠন হায়াত তাহৰিৰ আল শামৰ মাজত সংঘাত আৰম্ভ হৈছিল। তাৰ পিছৰে পৰা ছিৰিয়াত আৰম্ভ হৈছে হিংসাজৰ্জৰ পৰিস্থিতি। ছিৰিয়াৰৰাজধানী ডামাস্কাছক ঘেৰাও কৰিছে বিদ্ৰোহীয়ে।ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ছিৰিয়ালৈ যোৱা আৰু তাত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰে। প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰ নহ’বলৈ কোৱাৰ লগতে সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে। তাৰোপৰি সকলো ভাৰতীয়কে নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বা নিৰাপদ স্থানত থাকিবলৈ নতুবা সুযোগ পালেই ছিৰিয়া এৰি ভাৰতলৈ আহিবলৈ আহ্বান জনাইছে।

assamDnewsSyria
Comments (0)
Add Comment