বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী

বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ ।

বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম জনগোষ্ঠী বড়ো সকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বা ৷ মুঠ চল্লিশ হাজাৰ যুৱতী নাচনীয়ে একলগে পৰিবেশন কৰিব এই বাগৰুম্বা নৃত্য ৷ ইয়াৰ জড়িয়তে গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’ব অসমৰ নাম ৷ অসম বাথৌ মহাসভাই গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ ৷ ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱতী সকলক দিয়া হৈছে প্ৰশিক্ষণ ৷ জাগীৰোডৰ কুমই কছাৰী গাঁৱত প্ৰায় ৩ শতাধিক যুৱতীক দিয়া হৈছে বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ ৷বডো সম্প্ৰদায়ে নিজৰ নৃত্য বিশ্বৰ মঞ্চত প্ৰদৰ্শন কৰাৰ প্ৰচেষ্টাই অঞ্চলটোৰ অনন্য পৰম্পৰাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাটো নিশ্চিত আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰাত সহায় কৰিব।

assamBagrumbaDnewsWorld Record
Comments (0)
Add Comment