আজি ধনৰ অধিষ্ঠাত্ৰীৰ পূজা ।

আজি লক্ষ্মী পূজা।

ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্য প্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। অনাগত দিনবোয় ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই আগবঢ়াই ৰাজ্যবাসীয়ে প্ৰাৰ্থনা জনাব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক। পূৰ্ণিমাৰ সময়চোৱাত ভক্তসকলে দেৱীলৈ পূজা-অৰ্চনা আগবঢ়ায় । ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমংগল, দুখ-অশান্তি দূৰ হয় আৰু ধন-জন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে ভক্তৰ জীৱন উপচি পৰে ।

পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লক্ষ্মী মন্দিৰ, দেৱালয়সমূহত ভক্তৰ লানি নিচিনা ভিৰ পৰিলক্ষিত হৈছে। সুখ, শান্তিদায়িনী দেৱী লক্ষ্মীলৈ ভক্তি অৰ্ঘ্য নিবেদন ভক্তৰ। অভাৱ, অনাটন, অপায়, অমংগল, অসূয়া, অপ্ৰীতি দূৰ হোৱাৰ কামনাৰে দেৱীৰ আগত ভক্তৰ আৰাধনা। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰত।

assamCultureDnewsFestivalLakshmi Puja
Comments (0)
Add Comment