০৭/১৯/২০২৪:ব্ৰেইন এক্সিলেন্স লেৱ নাজিৰা কেন্দ্ৰৰ উদ্যোগত ব্ৰেইন এক্সিলেন্স প্ৰশিক্ষণ কৰ্মশালাব্ৰেইন।এক্সিলেন্স লেৱ নাজিৰা কেন্দ্ৰৰ উদ্যোগত নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সত সাতদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ব্ৰেইন এক্সিলেন্স প্ৰশিক্ষণ কৰ্মশালা।এই প্ৰশিক্ষণ কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষাৰ্থী সকলে চকু বান্ধি চিনাক্ত কৰিব পাৰে বিভিন্ন ৰং, পঢ়িব পাৰে কিতাপ।এই ব্ৰেইন এক্সিলেন্স লেৱ নামৰ প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীয়ে চকু বান্ধি চাইকেল চলাবলৈও সক্ষম হৈ উঠে বুলি জানিবলৈ দিয়ে ব্ৰেইন এক্সিলেন্স লেৱৰ শিৱসাগৰ জিলাৰ প্ৰশিক্ষক শিলাদিত্য গগৈয়ে।এই প্ৰতিষ্ঠানৰ জৰিয়তে এনে এক ব্যতিক্ৰমী শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ্থী সকল যথেষ্ট উৎসাহিত হোৱা পৰিলক্ষিত হয়।