ডায়েবেটিছ ৰোগীয়ে ভুলটো নাখাব এইসমূহ ফল!

১৭/০৭/২৪: ডায়েবেটিছ ৰোগীয়ে ভুলটো নাখাব এইসমূহ ফল! এইসমূহ ফল খালেই দেহত বাঢ়িব ছুগাৰৰ মাত্ৰা! অবহেলা কৰিলেই আহিব ডাঙৰ বিপদ ডায়েবেটিচ এনেকুৱা এটা সমস্যা যিটোৱে আন
একাধিক স্বাস্থ্যজনিত সমস্যা দিয়ে।। কোনটো ফল কিমান পৰিমাণে খাব লাগে সেইটোৱো আমি জানিব লাগিব।উদাহৰণস্বৰূপে মধুমেহ বা ডায়েবেটিচ ৰোগ হোৱাটো নিশ্চিত হ’লে ডাক্তৰে সীমিত
পৰিমাণে ফল-মূল খাবলৈ পৰামৰ্শ দিয়ে। কিয়নো বেছিভাগ ফলতে চেনীৰ মাত্ৰা বেছিকৈ থাকে যাৰ বাবে যদি ডায়েবেটিচ ৰোগীয়ে ইয়াক সেৱন কৰে তেনেহলে শৰীৰত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যাব পাৰে।
ইয়াৰ ভিতৰত কেইটামান ফল ডায়েবেটিচ ৰোগীৰ বাবে আটাইতকৈ বিপজ্জনক।

এই প্ৰতিবেদনত আমি এনেকুৱা ৩বিধ ফলৰ কথা জনাম, যিসমূহ ফল ডায়েবেটিচ ৰোগীয়ে খালে হ’ব পাৰে বিপজ্জনক। যিকেইটা ফলে দেহত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। এইকেইটা ফলৰ ভিতৰত
কল,আম আৰু তৰমুজ ডায়েবেটিচ ৰোগীয়ে খোৱাৰ পৰা বিৰত থাকিব লাগে।
মধুমেহ ৰোগীয়ে আনাৰস,খেজুৰ লিচু আদি ফলো খাব নালাগে। ইয়াৰোপৰি ডালিম,জামু আদি খোৱাতো নিয়ন্ত্ৰণ ৰখা দৰকাৰ। কিন্তু যিসকলে নিয়মিতভাৱে ডায়েবেটিচৰ পৰীক্ষা কৰি থাকে অৰ্থাৎ যাৰ
ডায়েবেটিচ নিয়ন্ত্ৰণত আছে তেওঁলোকে চিজনৰ সময়ত সকলো ফলেই কম পৰিমাণে খাব পাৰে।

#dnewsassamdiabeticHEALTHsugarwebstory
Comments (0)
Add Comment