আপোনাৰ ছালখন সৌন্দৰ্যময় আৰু ছালখনৰ বয়স বৃদ্ধি কেনেদৰে কৰি ৰাখিব জানি লওক।

১৫/০৭/২০২৪: বহু কাৰণে আমাৰ ছালখন বয়সীয়াল কৰি তোলে। প্ৰাকৃতিক বাৰ্ধক্য প্ৰক্ৰিয়া আমি সলনি কৰিব নোৱাৰো।কিন্ত আমি কিছুমান যতনেৰে নিজৰ ছালখন ধুনীয়া আৰু সুস্থ কৰি ৰাখিব পাৰো l সময়ৰ লগে লগে আমি সকলোৱে মুখত দৃশ্যমান ৰেখা পাওঁ। আমাৰ মুখখনে যৌৱনৰ কিছু পূৰ্ণতা হেৰুৱাই পেলোৱাটো স্বাভাৱিক। আমি লক্ষ্য কৰোঁ যে আমাৰ ছালখন পাতল আৰু শুকান হৈ আহিছে।এই পৰিৱৰ্তন কেতিয়া হয় ,আমাৰ জিনে বহুলাংশে নিয়ন্ত্ৰণ কৰে।এই ধৰণৰ বাৰ্ধক্যৰ চিকিৎসাৰ শব্দ হ’ল “অন্তৰ্নিহিত বয়স বৃদ্ধি।”

প্ৰতিদিনে নিজৰ ছালখন ৰ’দৰ পৰা ৰক্ষা কৰক। ৰ’দৰ পৰা ৰক্ষা পোৱাটো অতি প্ৰয়োজনীয়। দীঘল হাতৰ চাৰ্ট, পেণ্ট, বহল ব্ৰিমযুক্ত টুপী, আৰু ইউভি সুৰক্ষাৰ সৈতে ছানগ্লাছ ,ছানস্ক্ৰীণ ব্যৱহাৰ কৰি আপোনাৰ ছালখনক সুৰক্ষা দিব পাৰে, এছ পি এফ ৩০ (বা তাতকৈ অধিক), আৰু পানী প্ৰতিৰোধী। কাপোৰেৰে ঢাকি নোযোৱা সকলো ছালত প্ৰতিদিনে ছানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে। টেন হ’লেই ছালখন অকালতে বয়সীয়াল হৈ পৰে। ক্ষতিকাৰক UV ৰশ্মি নিৰ্গত কৰে যিয়ে আপোনাৰ ছালখন কিমান সোনকালে বয়সীয়াল হয় ত্বৰান্বিত কৰে।

স্বাস্থ্যসন্মত, সুষম খাদ্য গ্ৰহণ কৰক। কেইটামান গৱেষণাৰ তথ্য অনুসৰি প্ৰচুৰ পৰিমাণে সতেজ ফল-মূল আৰু শাক-পাচলি খালে ছালৰ অকাল বয়স বৃদ্ধি হোৱা ক্ষতি ৰোধ কৰাত সহায়ক হ’ব পাৰে।গৱেষণামূলক অধ্যয়নৰ তথ্যইও প্ৰকাশ কৰে যে প্ৰচুৰ পৰিমাণে চেনি বা অন্যান্য পৰিশোধিত কাৰ্বহাইড্ৰেট থকা খাদ্যই বয়স বৃদ্ধি ত্বৰান্বিত কৰিব পাৰে।

সপ্তাহৰ বেছিভাগ দিনেই ব্যায়াম কৰক। কেইটামান গৱেষণাৰ তথ্য অনুসৰি মধ্যমীয়া ব্যায়ামে ৰক্ত সঞ্চালন উন্নত কৰিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালখনক অধিক যৌৱনময় ৰূপ দিব পাৰে।

প্ৰতিদিনে ফেচিয়েল মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিব লাগে। মইশ্ব’ৰাইজাৰে আমাৰ ছালত পানী আৱদ্ধ কৰি ৰাখে, যাৰ ফলত ইয়াক অধিক যৌৱনময় ৰূপ দিয়া হয়।

যিমান পাৰে পানী সেৱন কৰিব লাগে।শৰীৰত পানীৰ পৰিমান কম হলে ছালখন ড্ৰাই আৰু হব দুৰ্বল হ’ব পাৰে।পানীয়ে আপোনাৰ ছালখন উজ্ঝল কৰি ৰাখে সেয়ে যিমান পাৰে পানী খাব লাগে।

assamBEAUTYDnewsSKINCAREwebstory
Comments (0)
Add Comment