অৰুণাচলত যৌন নিৰ্যাতনৰ বলি বনকৰা যুৱতী।

১৩/০৭/২৪/:অৰুণাচল প্ৰদেশৰ দুইমুখত বিৰি শান্তি নিদু নামৰ ব্যক্তিৰ ঘৰত বনকৰা ছোৱালী হিচাপে কাম কৰিবলৈ লৈ যায় লখিমপুৰ জিলাৰ হাৰমতীৰ এগৰাকী জোনাকী কংগাৰি নামৰ মহিলাই ।অসমৰ বহু স্থানৰ পৰা এই মহিলা গৰাকীয়ে বহু ছোৱালী সংস্থাপন দিয়াৰ উদ্দেশ্যে বা কোনো পিতৃ মাতৃয়ে পেটৰ তাৰণাত পৰা লোকৰ বহু ছোৱালী পেৰন কৰে অৰুণাচলৰ বিভিন্ন স্থানলৈ।১২ বছৰ বয়সতে দুগৰাকী যুৱতীক লোকৰ বনকৰা ছোৱালী হিচাপে জোনাকী কংগাৰি নামৰ মহিলা গৰাকীয়ে গতাই দিয়ে অৰুণাচল প্ৰদেশৰ দুইমুখৰ বিৰি শান্তি নিদুৰ হাতত।
পিতৃ মাতৃৰ আদেশ পালন কৰি দুগৰাকী যুৱতী হৈ ৰল লোকৰ বনকৰা ছোৱালী হিচাপে। কিন্ত দুগৰাকী যুৱতীক ওপৰত চলিল নিৰ্যাতন। হৈ পৰিল ঘৰৰ সম্পৰ্ক বিছিন্ন lপ্ৰস্তাৱ আহিল অশ্লীল কৰ্মত লিপ্ত হবলৈ।অমান্তি হলে আৰম্ভ হয় মাৰপিট শৰীৰত অস্তৰ আঘাত।কোনো খাদ্য খাবলৈ নিদিয়াকৈ আবদ্ধ কৰি ঘৰৰ কোঠালিত।১৫ বছৰে এনে দৰে নিৰ্যাতিত হোৱা এই দুগৰাকী যুৱতী অৱশেষত পলাই সাৰিবলৈ চেষ্টা কৰে যদিও প্ৰাণৰ সংশয়ত ভুগিছে এতিয়া যুৱতী দুগৰাকীয়ে।প্ৰথমে বনকৰা ছোৱালী হিচাপে নিয়োজিত কৰে তাৰ পাছত অশ্লীল কৰ্মত লিপ্ত কৰোৱা বিৰি শান্তি নিদুৰে প্ৰানে মৰাৰ ভাবুকিও প্ৰদান কৰে যুৱতী দুগৰাকীক ।

assamDnewssexualscandlewebstory
Comments (0)
Add Comment