দেশৰ অৰ্থনীতিত MSME ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । দেশৰ বিকাশৰ ক্ষেত্ৰত MSMEয়ে এক পৰিবৰ্তনশীল ভূমিকা পালন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে MSME খণ্ডৰ ওপৰত অনুষ্ঠিত এখনি ৱেবিনাৰত ভিডিঅ’ কনফাৰেন্সৰ যোগে অংশগ্ৰহণ কৰি MSME ৰ বিষয়ে কিছু মন্তব্য দাঙি ধৰে ।
MSMEৰ ওপৰত অনুষ্ঠিত ৱেবিনাৰখনে চৰকাৰী বিষয়া, উদ্যোগ নেতা, আৰু বাণিজ্য বিশেষজ্ঞসকলৰ বাবে ভাৰতৰ ঔদ্যোগিক, বাণিজ্য, আৰু শক্তি কৌশলৰ ওপৰত আলোচনা কৰিবলৈ এক সহযোগিতামূলক মঞ্চ প্ৰদান কৰে । বাজেটৰ পৰিৱৰ্তনশীল ব্যৱস্থাসমূহৰ নিৰৱচ্ছিন্ন ৰূপায়ণ নিশ্চিত কৰি নীতি নিষ্পাদন, বিনিয়োগৰ সুবিধা আৰু প্ৰযুক্তি গ্ৰহণৰ ওপৰত এই ৱেবিনাৰত গুৰুত্ব আৰোপ কৰা হ’য়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে MSME খণ্ডক কেন্দ্ৰ কৰি ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমূহৰ উন্নীতকৰণৰ বাবে লবলগীয়া মূল পদক্ষেপ আৰু নীতিগত ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে ।
উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত এই বাজেট ৱেবিনাৰখন অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উৎপাদন আৰু ৰপ্তানিৰ বাবে বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি কৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে আজি এক দশকতকৈ অধিক সময়ৰ পৰা দেশে চৰকাৰৰ নীতি নিৰ্দেশনাত ধাৰাবাহিকতা দেখি আহিছে ।
বিশ্বৰ প্ৰতিখন দেশেই ভাৰতৰ সৈতে অৰ্থনৈতিক অংশীদাৰীক শক্তিশালী কৰিব বিচৰাৰ কথাও ৱেবিনাৰত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সেয়েহে দেশৰ উৎপাদনকাৰী খণ্ডসমূহে এই অংশীদাৰীৰ সুযোগ ল’বলৈ আগুৱাই আহিব লাগে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে । বিশ্বৰ দেশসমূহে ভাৰতৰ সৈতে অংশীদাৰ হ’ব বিচৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী কয় যে ভাৰতে এই সুযোগৰ সুবিধা ল’ব লাগে ।