ভয়াবহ দুৰ্ঘটনাত মৃত্যু ১২ গৰাকী শিক্ষাৰ্থীৰ

ব্ৰাজিলত সংঘটিত এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত ১২ জন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিহত হয় । ছাও পাওলো ৰাজ্যৰ ৰিবেইৰাও প্ৰেট’ চহৰৰ সমীপত ছাত্ৰ-ছাত্ৰীৰে ভৰা এখন বাছ আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ১৯ জন লোক আহত হয় ।

নিশা সংঘটিত এই দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰীৰ দলে দ্ৰুতগতিত উদ্ধাৰৰ কাম আৰম্ভ কৰে। বাছখনত আবদ্ধ হৈ থকা আহত লোকসকলক উলিয়াই ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। দুৰ্ঘটনাটোৰ পিছত বাছখন ছিন্ন ভিন্ন হৈ পৰে আৰু যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হয়। নুপ’ৰংগাৰ ওচৰত সংঘটিত হোৱা দুৰ্ঘটনাস্থলীৰ পৰা আহত ট্ৰাক চালকজনে পলায়নৰ চেষ্টা চলাইছিল যদিও পিছত তেওঁক গ্ৰেপ্তাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হয় । তেওঁৰ বিৰুদ্ধে পলায়নৰ চেষ্টা, অনাকাংক্ষিত হত্যা আৰু শাৰীৰিক আঘাতৰ অভিযোগ উত্থাপন কৰা হয়।

উল্লেখযোগ্য যে প্ৰাণ হেৰুওৱা আটাইকেইজন ছাত্ৰই ফ্ৰাংকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ছাও পাওলোৰ গৱৰ্ণৰ টাৰ্চিছিঅ’ ডি ফ্ৰেইটাছে ৰাজ্যখনত তিনিদিনীয়া আনুষ্ঠানিক শোক পালন কৰাৰ কথা ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.