আজি ভাৰতৰ “ক’লা দিৱস”

আজি পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ষষ্ঠ বৰ্ষপূৰ্তি । ২০১৯ চনৰ আজিৰ দিনটোতে বিস্ফোৰক ভৰ্তি এখন গাড়ীয়ে চি আৰ পি এফৰ কনভয়ৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, তাৰ পিছতেই সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ । জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে পুলৱামাত সংঘটিত কৰিছিল এই বিস্ফোৰণ ।

শ্রীনগৰৰ পৰা জম্মুলৈ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন বাছেৰে প্ৰায় ২৫০০ জোৱান কঢ়িয়াই লৈ গৈ থকাৰ সময়তে সন্ত্রাসবাদীয়ে ভাৰতীয় জোৱান সকলক আক্ৰমণৰ লক্ষ্য কৰি লয়। চি আৰ পি এফৰ জোৱান কঢ়িয়াই নিয়া এখন বাহনত বৃহৎ পৰিমাণৰ বিস্ফোৰক কঢ়িয়াই অনা এখন বাহনে আৱন্তিপোৰাৰ গোৰিপাৰাৰ সমীপত খুন্দা মৰাৰ পাছতেই এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হৈছিল । এই ঘটনা সংঘটিত হোৱা অঞ্চলটৈৰ নিচেই ওচৰতে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগেই জোৱানৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰে। অৱশ্যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ১২ দিনৰ পিছত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত বিমান আক্ৰমণ চলাই সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ ধ্বংস কৰে। এই বিমান আক্ৰমণত ৩০০ সন্ত্ৰাসবাদী নিহত হয়।

আজি প্ৰতিজন ভাৰতীয়ই অশ্ৰুশিক্ত নয়নেৰে স্মৰণ কৰিছে দেশৰ হকে শ্বহীদ হোৱা প্ৰতিজন এই অমৰ বীৰসকলক । পুলৱামা আক্ৰমণত প্ৰাণ হেৰুওৱা দেশৰ সাহসী চিআৰপিএফ জোৱানসকলৰ স্মৃতিত ১৪ ফেব্ৰুৱাৰী দিনটো দেশবাসীয়ে ‘ক’লা দিন’ হিচাপে পালন কৰি আহিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমৰ জৰিয়তে শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

Leave A Reply

Your email address will not be published.