ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ সন্ধানত ব্যস্ত মুম্বাই আৰক্ষী

ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তেওঁৰ আক্ৰমণকাৰীৰ সন্ধান অব্যাহত আছে । আক্ৰমণকাৰীৰ সন্ধানত মুম্বাই আৰক্ষীয়ে ৩০টাতকৈও অধিক আৰক্ষীৰ দল মোতায়েন কৰিছে। বৰ্তমান লীলাৱতী হাস্পাতালত চিকিৎসাধীন হৈ থকা অভিনেতাজন ক্ৰমাৎ সুস্থ হৈ উঠিছে খান।

ইফালে ছেইফ আলী খানক নিজ বাসগৃহত কৰা আক্ৰমণৰ অভিযুক্তটো এতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰা পৰিলক্ষিত হৈছে । আনকি অভিযুক্তটোয়ে এখন দোকানৰ পৰা মোবাইল ফোনৰ এটা ক’ভাৰ ক্ৰয় কৰাৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈছে । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে বান্দ্ৰা আৰক্ষীয়ে সোধা পোছাকৰ বাবে এজন লোকক আটক কৰিছে ।

বৃহস্পতিবাৰে পুৱা বলীউডৰ অভিনেতা ছেইফ আলী খানক মুম্বাইৰ বান্দ্ৰা বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই বাৰে বাৰে ছুৰীৰে আঘাত কৰা ৪৮ ঘণ্টাৰো অধিক হ’ল। ৩০ টাতকৈও অধিক আৰক্ষী দলৰ প্ৰচেষ্টা সত্ত্বেও আক্ৰমণকাৰী এতিয়াও পলাতক অৱস্থাত আছে । অভিনেতাগৰাকী ভৰ্তি হোৱা লীলাৱতী হাস্পতালৰ চিকিৎসকে কয় যে ছেইফ আলী খান এতিয়া সুস্থ হৈ উঠিছে আৰু দুই-তিনি দিনৰ ভিতৰত তেওঁক ডিচচাৰ্জ দিয়াৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে দুৰ্বৃত্তৰ আক্ৰমণত ২.৫ ইঞ্চিৰ ছুৰীৰ এটা অংশ ছেএইফ আলী খানৰ দেহত সোমাই আছিল। যাৰ বাবে প্ৰায় ৫ ঘণ্টাজুৰি অস্ত্ৰোপ্ৰচাৰৰ সন্মুখীন হ’বলগীয়া হয় অভিনেতাজন ।

Leave A Reply

Your email address will not be published.