সপ্তাহযোৰা কাৰ্যসূচীৰে বিদেশ ভ্ৰমণ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

সাতদিনীয়া চৰকাৰী কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফিলিপিনছৰ ৰাষ্ট্ৰপতি বংবং মাৰ্ক’ছক সাক্ষাৎ কৰে। এই সাক্ষাতকালত দুয়োগৰাকী নেতাই ভাৰত আৰু ফিলিপিনছৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ নিমিত্তে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে । ইয়াৰ পূৰ্বে ভাৰতীয় বিদেশ মন্ত্ৰীগৰাকীয়ে ফিলিপিনছৰ ৰাজধানী মেনিলাৰ এখন প্ৰখ্যাত শিক্ষানুষ্ঠান মিৰিয়ম কলেজৰ ছাত্ৰী-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰে ।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে ফিলিপিনছত থকা প্ৰবাসী ভাৰতীয়ৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, ব্যৱসায়িক সংস্থাৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তাৰ পিছতেই পৱিত্ৰ মাৰ্ঘেৰিটাই ফিলিপিনছৰ বিদেশ মন্ত্ৰী এনৰিক মানলোৰ সৈতে আন এক কূটনৈতিক বৈঠকত অংশ লয়। উল্লেখযোগ্য যে কাইলৈ পবিত্ৰ মাৰ্ঘেৰিটাই ভাৰতক প্ৰতিনিধিত্ব কৰি দ্বীপৰাষ্ট্ৰ পালাওৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

Leave A Reply

Your email address will not be published.