উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এক বৃহৎ পথ দুৰ্ঘটনা। থিতাতে মাৰ্চুলাৰ সমীপৰ খাৱৈত বাগৰি পৰে এখন বাছ। এই দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে বহু লোক আহত হৈছে। আহতসকলক বিমানেৰে লৈ গৈ এইমছ ঋষিকেশত ভৰ্তি কৰোৱা হৈছে। সাহায্য আৰু উদ্ধাৰৰ কাম ক্ষীপ্ৰতাৰে চলি আছে চলি আছে।
উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ মাৰ্চুলা অঞ্চলৰ সমীপত সোমবাৰে যাত্ৰীসহ এখন বাছ নদীত বাগৰি পৰে। বাছখনত ৫৫ জনতকৈ অধিক যাত্ৰী আছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগেই সেই স্থানত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হয় । উদ্ধাৰ অভিযানৰ বাবেও উপস্থিত হয় এছ ডি আৰ এফৰ দল। এই দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।
উল্লেখযোগ্য যে নৈনদণ্ডৰ কিনাথৰ পৰা ৰামনগৰলৈ গৈ আছিল বাছখন। বাছখন মাৰ্চুলা পোৱাৰ লগে লগে চাৰাদ বেণ্ডৰ সমীপত এখন নদীত বাগৰি পৰে। বাছখন নদীত বাগৰি পৰাত হুলস্থূলৰ সৃষ্টি হয় আৰু বহুসংখ্যকলোক বাছৰ পৰা তললৈ পৰি যায়। আহতসকলক নিয়াৰ ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। বাছখনত থকা প্ৰায় ৩৮জন যাত্ৰীৰ মৃত্যু হৈছিল। জানিব পৰা মতে, বাছখন আছিল ৪০ জনীয়া। কিন্তু বাছখনত ৫৫ জনতকৈ অধিক যাত্ৰী আছিল। দুৰ্যোগ ব্যৱস্থাপনা বিষয়া বিনীত পালে জনোৱা মতে,দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে।
আনহাতে মৃতকৰ পৰিয়ালক ৪ লাখকৈ আৰু আহতক ১ লাখকৈ টকা দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে পুষ্কৰ সিং ধামীয়ে।