আজি কিং খান, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন

0

আজি বলিউডৰ কিং খান তথা ৰোমাঞ্চৰ ৰজা শ্বাহৰুখ খানৰ জন্মদিন । ৫৯ বছৰত ভৰি থলে শ্বাহৰুখ খানে । একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ আগ্ৰহী হৈ পৰিছিল। শ্বাহৰুখ খানেও অনুৰাগীসকলক নিৰাশ নকৰি মাজনিশা তেওঁলোকক দেখা দিয়ে ।

শ্বাহৰুখ খানৰ অনুৰাগী কেৱল ভাৰততে নাই, বিশ্বৰ বিভিন্ন প্ৰান্তত আছে শ্বাহৰুখ খানৰ অনুৰাগী। বাজীগৰ, দিলৱালে দ্যুলহনীয়া লে জায়েংগে, ক’ল হ’ না হ’, চক দ্যে ইণ্ডিয়া, চেন্নাই এক্সপ্ৰেছৰ দৰে বহু জনপ্ৰিয় ছবি দৰ্শকক উপহাৰ দিয়া শ্বাহৰুখ খানৰ শেহতীয়া ছবি হ’ল জিৰ’। ১৯৮০ ৰ দশকৰ শেষৰ ফালে দূৰদৰ্শনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা শ্বাহৰুখ খানে ১৯৯২ চনত বলীউডত আত্মপ্ৰকাশ কৰে । ইয়াৰ পিছতে শতাধিক চিনেমাত অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনি শ্বাহৰুখ হৈ পৰে বলীউডৰ কিং খান। শ্বাহৰুখ খানৰ অভিনয় কেৰিয়াৰৰ অন্যতম এখন শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰা হয় দিলৱালে দুলহনিয়া লে জায়েংগেক।

তিনিখন পৃথক বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিদেশী ডক্টৰেট ডিগ্ৰী লাভ কৰা বলীউডৰ প্ৰথম আৰু একমাত্ৰ অভিনেতা শ্বাহৰুখ খান। তদুপৰি ২০১১ চনৰ ১০ নৱেম্বৰত শ্বাহৰুখ খান ইউনেস্ক’ৰ বিশেষ সন্মান পিৰামাইড কন মাৰ্নি বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।

Leave A Reply

Your email address will not be published.