আজি পোহৰৰ উৎসৱ দীপান্বিতা। দেশজুৰি পালন কৰা উৎসৱসমূহৰ ভিতৰত অন্যতম দীপাৱলীৰ আছে এক সুকীয়া মাদকতা।পোহৰৰ উৎসৱ দীপাৱলি মানেই যেন আনন্দৰ উৎসৱ। সন্ধিয়ালৈ ঘৰে ঘৰে সকলোৱে বন্তি প্ৰজ্বলন কৰিব।ফটকা,আটচবাজী শব্দৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ আকাশ বতাহ।দীপাৱলী উপলক্ষে আজি ৰং বিৰঙী আলোকসজ্জাৰে বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান,দোকান পোহাৰ সকলো আজি আলোকিত কৰি তোলা হ’ব।সেইহে পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে সকলো। ইতিমধ্যে ৰাজ্যৰ বজাৰ সমূহ ভৰি পৰিছে বিভিন্ন ধৰণৰ ফটকা, ফুলজাৰি বিভিন্ন আৰ্হিৰ মাটি চাকি আদিৰে৷ বৈদ্যুতিক সামগ্ৰীৰ দোকানসমূহ উভৈনদী হৈ পৰিছে ৰঙ বিৰঙৰ লাইটেৰে।লোকসমাজত দেৱালী বুলিও কোৱা হয়। এই উৎসৱ পালনৰ কেইবাটাও আখ্যান পোৱা যায়। ৰামায়ণত উল্লেখ থকা মতে ৰাক্ষস ৰাজ লংকাধিপতি দশাননক বধ কৰি অযোধ্যালৈ উভতি আহোঁতে অযোধ্যাৰ প্ৰজাসকলে পদূলিয়ে পদূলিয়ে চাকি জ্বলাই আনন্দ উৎসৱ কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰাই সেই দিনটোত দীপান্বিতা পালন কৰা হয়। আকৌ অন্য এটা প্ৰবাদমতে দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্ৰ নৰকাসুৰে আক্ৰমণ কৰি দেৱতাসকলৰ সৰ্বস্ব কাঢ়ি আনিলে। কোনো শক্তিৰে অসুৰক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্ৰ শ্ৰীকৃষ্ণৰ শৰণাপন্ন হয় দেৱতাসকল।ভগৱন্তই ভকতৰ দুখ দূৰ কৰি নৰকাসুৰক নিধন কৰিলে।অসুৰ নাশ হোৱা বাবে চাকি জ্বলাই আনন্দ উৎসৱ কৰিছিল। প্ৰবাদমতে তেতিয়াৰ পৰাই দীপান্বিতা পালন কৰা হয়।দীপাৱলীৰ মূল উদ্দেশ্য হৈছে সমাজৰ পৰা সমস্ত আসুৰিক শক্তি নাশ কৰি দৈৱিক শক্তিৰে বলীয়ান কৰি এখন সুন্দৰ সমাজ প্ৰতিস্থা কৰা। আনহাতে দিপাৱলী উপলক্ষে প্ৰশাসনে জাৰি কৰিছে কিছু কঠোৰ নীতি নিয়ম।সেই কঠোৰ নীতি নিয়মৰ মাজেৰে আজি ৰাজ্যবাসীয়ে পালন কৰিব দীপাৱলী।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.