আজন্ম প্ৰেমিক শিল্পী নীলপৱন বৰুৱা । ৰং-তুলিকাৰ যাদুকৰী সম্ৰাট নীলপৱন বৰুৱা । আজি তেখেতৰ মৃত্যু তিথি ।
কেনভাচ উকা হ’লেও অমৰ হৈ ৰ’ল প্ৰেম কাহিনী। যি ভালপোৱা নীলপৱন বৰুৱাই জানিছিল,সেই ভালপোৱা ‘তোমাক ভালপাওঁ’ বুলি কোৱা বেছিভাগেই নাজানে। নীলপৱন বৰুৱাদেৱৰ সৃষ্টিৰাজিৰ লগতে তেখেতৰ আৰু দীপালী বৰঠাকুৰ বাইদেউৰ অমৰ প্ৰেমৰ যুটি সদায়েই স্মৰণীয় হৈ ৰ’ব। নীল-দীপালীক মেৰিয়াই ৰাখিবলৈ কিমান যে সমল আছে, দুয়োকে বিচ্ছিন্ন কৰিবলৈ আজিলৈ কোনো বস্তুৱেই নাই,থাকিব নোৱাৰে।আজি নীলপৱন বৰুৱাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী।জীৱন কালত তেওঁ আঁকিছিল হাজাৰ-বিজাৰ ছবি। অসমীয়া চাৰু-কাৰু তথা কলা জগতখনত প্ৰতিষ্ঠা কৰিছিল নতুন ধাৰা,প্ৰতিষ্ঠা কৰিছিল নতুন নতুন শৈলী।প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ অসমৰ শিল্পকলাৰ চহকী পথাৰখনলৈ অৱদান আছিল অপৰিসীম৷ ‘অসম সৌৰভ’ সন্মানেৰে বিভূষিত নীলপৱন বৰুৱাৰ শিল্প নিপুণতাই সীমাৰ পৰিধি ভাঙি দেশ-বিদেশতো উজলাইছিল অসমৰ নাম৷ কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে কেৱল অসমৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সমগ্ৰ বিশ্বৰ কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল৷ আজি এইগৰাকী বৰেণ্য অসমীয়াক তেখেতৰ মৃত্যুতিথিত যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি৷