নিজ কন্যাৰ হাতত প্ৰাণ হেৰুৱালে জন্মদাত্ৰী মাতৃয়ে ।

0

ৰাজ্যত বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ডকাইতিকে ধৰি বিভিন্ন অপৰাধ প্ৰতিদিনে ঘটিয়েই থাকে। স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো ক’ৰবাত যদি হত্যা, লুণ্ঠন, ধৰ্ষণ ক’ৰবাত চুৰি, ডকাইতি, প্ৰৱঞ্চনা, ধনদাবী, অপহৰণ ইত্যাদি ঘটনা প্ৰায়ে ঘটে। হত্যা, হিংসা লুণ্ঠন এতিয়া যেন সহজ কাম হৈ পৰিছে। অপৰাধ কৰিবলৈ যেন এতিয়া অলপো কুণ্ঠাবোধ নকৰে কোনেও, আইনলৈও কোনো ভয় নকৰে। কোন দিশে গৈছে মানৱতা?  আজিকালি ৯ মাহ গৰ্ভত ৰখা সন্তানেও যেন নিজ মাতৃক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে।

পুনৰ ৰাজ্যত সংঘটিত হৈছে অমাৱনীয় ঘটনা। জন্মদাত্ৰী মাতৃৰ লগত সংঘটিত কৰিলে আজৱ ঘটনা। নিজ মাতৃক পটাৰগুটিৰে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিলে কন্যাই । গুৱাহাটী মহানগৰীৰ বৰমটৰীয়াত সংঘটিত হৈছে এই ঘটনা।

 কেনেকৈ নিজ জন্মদাত্ৰী মাতৃক হত্যা কৰিব পাৰে কন্যাই? হত্যাকাৰী কন্যাৰ নাম তানিয়া কুমাৰী। অতি মেধাসম্পন্ন তানিয়া কুমাৰী নামৰ এই যুৱতীগৰাকী ইউ এছ টি এমত অধ্যয়নৰত লগতে এগৰাকী টেনিছ খেলুৱৈ।পিতৃ দ্বীপ ছান্দ প্ৰসাদ এগৰাকী টেনিছ প্ৰশিক্ষক। চচলৰ পূৰ্ণিমা মেনচন নামৰ অট্টালিকাৰ Block A ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। সন্ধিয়া পিতৃ টেনিছ ফিল্ডত যোৱাৰ পিছত ফ্লেটত মাতৃ আৰু কন্যাৰ মাজত হৈছিল কাজিয়া। কাজিয়া চূড়ান্ত ৰূপ লোৱাত কন্যাই পটাৰ গুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃক। মৃত্যু হোৱা মাতৃ গৰাকীৰ নাম মঞ্জু দেৱী। হত্যাকাৰী কন্যাক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সঠিক তদন্ততহে এই ঘটনাৰ সবিশেষ পোহৰলৈ আহিব।

Leave A Reply

Your email address will not be published.