জল্পনা-কল্পনাৰ অন্ত!
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং । আতিশী বৰ্তমান দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী । সুষমা স্বৰাজ আৰু শিলা দীক্ষিতৰ পাচত আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী । পলকতে আতিশীৰ ৰাজনৈতিক কেৰিয়াৰৰ অৱলোকন।
১১ বছৰৰ পাছত দিল্লীৰ দায়িত্ব চম্ভালিব এগৰাকী মহিলা নেত্ৰীয়ে ।
দিল্লীৰ আবকাৰী নীতিৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ- মুখ্যমন্ত্ৰী মনীষ ছিচদিয়াকে ধৰি কেইবাজনো আপৰ নেতা মন্ত্ৰী। এজন এজনকৈ আপৰ জ্যেষ্ঠ নেতাসকল গ্ৰেপ্তাৰ হোৱাৰ পাছত দলৰ দায়িত্ব গ্ৰহণ কৰিছিল আতিশীয়ে। বৰ্তমান আতিশীৰ হাতত আছে শিক্ষা, পানী, বিত্ত, পি ডব্লিউ ডি,বিদ্যুৎ, আইনকে ধৰি মুঠ ১৪টা মন্ত্ৰালয়। এই আটাইকেইটা বিভাগৰ দায়িত্ব আতিশীয়ে সুকলমে পালন কৰি অহাৰ লগতে বিগত কেইটামান দিনত বাতৰিৰ শিৰোনামো দখল কৰি আহিছে।দিল্লীৰ মুখ্যমন্ত্ৰীত্বৰ দৌৰত কেইবাগৰাকী নেতাৰ নাম আহিছিল যদিও আতিশী আছিল প্ৰথমত। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিশ্বাসযোগ্য আৰু অতি ঘনিষ্ঠ আতিশী মাৰ্লেনা। শীৰ্ষ নেতাসকল গ্ৰেপ্তাৰ হোৱাৰ পাছত কেজৰিৱালৰ বিশ্বাস ৰক্ষা কৰি দলৰ কামান চম্ভালিছিল আতিশীয়ে।