পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে

0

২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০ খেলুৱৈয়ে। ৮ ছেপ্তেম্বৰলৈকে পেৰা অলিম্পিকৰ বিভিন্ন খেল সমূহ অনুষ্ঠিত হব। অলিম্পিকৰ ইতিহাসত ভাৰতৰ হৈ এইবাৰ সৰ্বাধিক পেৰা এথলীটে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। উল্লেখযোগ্য যে, ফ্ৰান্সত পোন প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰা অলিম্পিক অনুষ্ঠিত হৈছে। পেৰিছ পেৰা অলিম্পিকত শুকুৰবাৰে ভাৰতে খোদিত কৰিলে নিজৰ নাম। তিনিগৰাকী ভাৰত কন্যাই পেৰিছত ভাৰতৰ সফলতাৰ ধ্বজা বহন কৰি দেশক প্ৰদান কৰিলে তিনিটাকৈ পদক। পেৰা অলিম্পিকত  অভিলেখ ৰচি ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে শ্বুটাৰ অৱনী লেখাৰাই। ১০ মিটাৰ এয়াৰ ৰাইফল SH1 ত সোণৰ পদক লাভ কৰে শ্বুটাৰ অৱনী লেখাৰাই। পেৰা অলিম্পিকত ক্ৰমাগত দ্বিতীয়টো স্বৰ্ণ জয়ৰ অনন্য কৃতিত্ব অৰ্জন কৰা অৱনীয়ে ২০২০ চনৰ পেৰা অলিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল SH1তো স্বৰ্ণ পদক লাভ কৰিছিল। একেটা ইভেণ্টতে মোনা আগৰৱালে লাভ কৰে ব্ৰঞ্জৰ পদক। পেৰা অলিম্পিকত অৱনীয়ে ফাইনেলত ২৪৯.৭ পইণ্ট সংগ্ৰহ কৰি নতুন পেৰালিম্পিকৰ অভিলেখ সৃষ্টিৰে দেশলৈ আঁজুৰি আনে স্বৰ্ণ পদক। অৱনীৰ এই অনন্য সাফল্যৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইট যোগে অভিনন্দন জনায়। তেওঁৰ এই সাফল্যই দেশক গৌৰৱান্বিত কৰি তুলিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাৰতক তৃতীয়টো পদক উপহাৰ দিয়ে স্প্ৰিণ্টাৰ প্ৰীতি পলে। মহিলাৰ ১০০ মিটাৰ টি ৩৫ ফাইনেলত ১৪.২১ ছেকেণ্ডৰ সময়েৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে প্ৰীতিয়ে। লক্ষণীয়ভাৱে এই সাফল্যৰে প্ৰীতি এক অনন্য অভিলেখৰ গৰাকী হৈছে। পেৰা অলিম্পিক গেমছত ভাৰতৰ হৈ পদক লাভ কৰা প্ৰথমগৰাকী স্প্ৰিণ্টাৰ হিচাপে পৰিগণিত হৈছে প্ৰীতি।

আনহাতে শ্বুটাৰ মনীষ নৰৱালে ১০ মিটাৰ এয়াৰ পিষ্টল SH1ত জয় কৰিছে ৰূপৰ পদক। বিগত সংস্কৰণৰ পেৰা অলিম্পিকত স্বৰ্ণজয়ী মনীষে ফাইনেলত ২৩৪.৯ পইণ্ট সংগ্ৰহ কৰি চলিত প্ৰতিযোগিতাখনিত ভাৰতৰ পদকৰ সংখ্যা চাৰিটালৈ বৃদ্ধি কৰে।

Leave A Reply

Your email address will not be published.