শীঘ্ৰে সলনি হ’ব পাৰে বড়োভূমিৰ ৰাজনীতি! বড়ো টেৰিট’ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বি টি আৰত প্ৰমোদ হাটাও অভিযান

0

বিশ্বজিৎ দৈমাৰীক চি ই ইম পতাৰ ব্লু-প্ৰিণ্ট বিজেপিৰ! বিজেপি আগ্ৰাসী নীতিয়ে একত্ৰিত কৰিব পাৰে বি পি এফ-ইউ পি পি এলক!

২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া বড়ো টেৰিট’ৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধুমুহা গতিত সলনি হৈছে বড়োভূমিৰ ৰাজনীতি।বিজেপিয়ে বড়ো ৰাজনীতিত আগ্ৰাসন কৰাৰ বাবে অতি সংগোপনে আৰম্ভ কৰিছে কুচ-কাৱাজ।বিজেপিৰ এই আগ্ৰাসন নীতিৰ বিৰুদ্ধে এতিয়া বড়ো জাতীয় সংগঠন লগতে দুই প্ৰধান বড়ো আঞ্চলিক ৰাজনৈতিক দল ইউ পি পি এল আৰু বি পি এফৰ মাজত নতুন ৰাজনৈতিক চিন্তা উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে ।

ইতিমধ্যে ২০২৫ত হ’বলগীয়া বি টি আৰৰ নিৰ্বাচনত বিজেপিয়ে প্ৰতিটো সমষ্টিতে নিজাববীয়াকৈ শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰাৰ পিছত বিজেপিৰ মিত্ৰদল ইউ পি পি এলে নতুন চিন্তা-চৰ্চা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োক আতৰাই আগন্তুক বি টি আৰৰ নিৰ্বাচনত বিজেপিয়ে মাজবাটৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত কৰাৰ বাবে সংগোপনে ৰচনা কৰা ব্লু-প্ৰিণ্টক লৈ এতিয়া স্বাভাৱিকতে শংকিত হৈছে ইউ পি পি এল। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক এই লক্ষ্যৰেই মন্ত্ৰীসভাৰ সালসলনিত মুখ্যমন্ত্ৰীয়ে কেবিনেট মন্ত্ৰীৰ দায়িত্ব অৰ্পণেৰে বি টি আৰৰ ৰাজনীতিত সক্ৰিয়ভাৱে নমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বি পি এফ আৰু ইউ পি পি এলক একত্ৰিত হ’বলৈ পৰামৰ্শ দিছে।২০২৫ চনৰ বি টি আৰ নিৰ্বাচনত আঞ্চলিক দলক ওফৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰীক সন্মুখত লৈ এনেদৰে বি টি আৰ দখলৰ কুচ-কাৱাজ আৰম্ভ কৰাৰ লগে লগে স্বাভাৱিকতে এতিয়া বড়ো জাতীয় দল-সংগঠন আৰু নাগৰিক সমাজে দুই বড়ো আঞ্চলিক দল ইউ পি পি এল আৰু হাগ্ৰামা মহিলাৰীৰ বি পি এফ একত্ৰিত হোৱাৰ পোষকতা কৰা দেখা গৈছে।ইতিমধ্যে বড়ো ছাত্ৰ সংগঠন এবছুৰ সভাপতি দ্বীপেন বড়োৱে বি টি আৰৰ ৰাজনীতিত ৰাষ্ট্ৰীয়তাবাদৰ আগ্ৰাসন ৰোধ কৰাৰ স্বাৰ্থত বি পি এফ আৰু ইউ পি পি এল দলক একত্ৰিত হ’বলৈ আহ্বান জনাইছে ।

ইয়াৰ লগে লগেই প্ৰমোদ বড়োই কয় যে এবছুৱে বড়ো জনজাতিৰ ভাল চিন্তা কৰে । এবছুৰ প্ৰস্তাৱ আমি বিবেচনা কৰিম । প্ৰমোদ বড়োৰ এই মন্তব্যই একপ্ৰকাৰ ইউ পি পি এল আৰু বি পি এফ একত্ৰিত হোৱাৰ ইংগিত বহন কৰিছে।কিন্তু সময়তহে দেখা যাব কৰ পানী কলৈ যায়।

Leave A Reply

Your email address will not be published.