আজি ৰাখীবন্ধন । প্ৰত্যেকজন ভাতৃ ভগ্নীৰ বাবে এক বিশেষ দিন ।

0

ৰাখীবন্ধন প্ৰতিজন ভাৰতীয়ৰ বাবে এক আদৰৰ দিন কিয়নো ই  ভাই-ভনীৰ মাজৰ বান্ধোনক উদযাপন কৰাৰ দিন । প্ৰতিবছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত ভাতৃ ভগ্নীৰ সকলৰ মাজত ৰাখীবন্ধন পালন কৰা হয় । এই উৎসৱৰ শিপা প্ৰাচীন পৰম্পৰাৰ সৈতে নিহিত হৈ আছে । কোৱা হয় যে‌, ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীয়ে দেৱতাৰ ক্ৰোধৰ পৰা ৰক্ষা পাবলৈ বালি ৰজাৰ হাতত ৰাখী বান্ধিছিল। বিনিময়ত বালিয়ে তেওঁৰ মনোকামনা পূৰণ কৰিছিল । তেতিয়াৰ পৰাই ৰক্ষাকৱচ হিচাপে ৰাখী বন্ধাৰ পৰম্পৰা প্ৰতিষ্ঠা হ’ল।

ৰাখীবন্ধনত সাধাৰণতে ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী বান্ধি সুৰক্ষা বিচাৰে । তাৰে বিনিময়ত ভাতৃসকলে নিজৰ ভনীয়েকক ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞা কৰে আৰু প্ৰায়ে কৃতজ্ঞতাৰ চিনস্বৰূপে ভগ্নী গৰাকীক উপহাৰ বা ধন দিয়ে।  এই উৎসৱে ভাতৃ ভগ্নীৰ মাজৰ বন্ধন আৰু অধিক শক্তিশালী কৰি তোলে । ৰাখীবন্ধন হৈছে ভাতৃ ভগ্নীৰ মাজৰ প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ উদযাপনৰ দিন । অৱশ্যে সময়ৰ লগে লগে ৰাখীবন্ধন উৎসৱৰো বিকাশ ঘটিছে।  পৰম্পৰাগতভাৱে ভাই-ভনীক কেন্দ্ৰ কৰি চলি থকা এই পবিত্ৰ দিনটো এতিয়া তেজৰ সম্পৰ্কৰ ভিতৰতেই সীমাবদ্ধ হৈ থকা নাই । ৰাখীবন্ধন দিনটো হৈছে আমি ভাতৃ বুলি গণ্য কৰা প্ৰতিজন লোকৰ পৰা আমি লাভ কৰা সুৰক্ষা আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ। গতিকে ৰাখীবন্ধনৰ এই পৱিত্ৰ ক্ষণত প্ৰতিজন ভাতৃ ভগ্নীলৈ আমাৰ ফালৰ পৰাও জনালো অলেখ শুভেচ্ছা ।

ইফালে সমগ্ৰ দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও X যোগে ৰাখীবন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে আজিৰ এই পৱিত্ৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা সোণাপুৰৰ চৰকাৰী বৃদ্ধাৱাসত উপস্থিত হৈ  তাৰে আৱাসী সকলৰ লগত কিছু সময় অতিবাহিত কৰে ।

Leave A Reply

Your email address will not be published.