১৪/০৭/২৪:অসমীয়া সাহিত্যৰ নক্ষত্ৰ সদৃশ অসম বৰেণ্য, চিৰনমস্য কবি- ঔপন্যাসিক নৱকান্ত বৰুৱা দেৱৰ আজি ওপজা দিন। নৱকান্ত বৰুৱা দেৱক ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।পদ্মভূষণ সন্মানেৰে সন্মানিত হোৱা নৱকান্ত বৰুৱা দেৱে অসম সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰি গৌৰৱ অৰ্জন কৰি থৈ গৈছে ৷ইয়াৰ লগতে তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰি থৈ গৈছে ৷অসমীয়া সাহিত্যলৈ তেখেতে আগবঢ়াই যোৱা অৱদানে সদায় অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি ৰাখিব।
নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত, ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱাই শিক্ষা বিভাগৰ সহ পৰিদৰ্শক ৰূপে বৰপেটা আৰু গুৱাহাটীত চাকৰি কৰিছিল। ঘোঁৰাত উঠি চাকৰি কৰিবলৈ অসুবিধা পাই তেওঁ নগাঁৱৰ চৰকাৰী হাইস্কুলত শিক্ষক ৰূপে যোগদান কৰে।১৯৩৯ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯৪৪ চনত তেওঁৰ মৃত্যু হয়।নৱকান্ত বৰুৱাৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱাণী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন।গুৱাহাটীত জন্ম গ্ৰহণ কৰিলেও নৱকান্তৰ শৈশৱ-কৈশোৰ আৰু যৌৱন পাৰ হৈছিল নগাঁৱতে। জন্ম সূত্ৰে তেওঁ ঘৰৰ পৰাই এটি সাংস্কৃতিক পৰিৱেশ পাইছিল। ৰবীন্দ্ৰনাথ, নজৰুল, শৰৎ চন্দ্ৰ কৈশোৰতে পঢ়ি শেষ কৰিছিল আৰু নৱমশ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথমখন কবিতা পুথি ‘মুক্তি’ লিখি উলিয়াইছিল।
নৱকান্ত বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটিছিল এখন বালিকা স্কুলত। পিছত তেওঁ চৰকাৰী মজলীয়া স্কুললৈ আহে। ইংৰাজৰ শাসনকালত ইয়াক বঙলা স্কুল বোলা হৈছিল। হেডমাষ্টৰ আছিল উপাৰ্জন শইকীয়া। এই বঙলা স্কুলতে ক, খ আৰু প্ৰথম শ্ৰেণী পঢ়ি নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাচ থ্ৰিত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত ভৰ্তি হয়। কিন্তু সন্নিপাত জ্বৰত ভুগি বহুত দিনলৈ বিচনা ল’ব লগা হোৱাত তেওঁৰ পঢ়া-শুনাত ব্যাঘাত জন্মে আৰু কটনৰ ছাত্ৰ-জীৱন সিমানতে অন্ত পৰে। ১৯৪৩ চনত উচ্চ শিক্ষাৰ বাবে কলিকতাৰ শান্তিনিকেতনলৈ যায়। শান্তিনিকেতনত পঢ়ি থাকোঁতেই দেউতাকৰ মৃত্যু হোৱাত অধ্যক্ষ অনিল চন্দ্ৰই বৰুৱাৰ বি এ পৰীক্ষাৰ ফিজৰ
দায়িত্ব লয়।১৯৪৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী, বঙলা ভাষা (দ্বিতীয় ভাষা), অসমীয়া (ভাৰ্ণেকুলাৰ) আৰু ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয় পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
বৰুৱাক অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণ বুলি গণ্য কৰা হৈছিল। বৰুৱাৰ লেখাবোৰ আছিল সেই সময়ৰ পৰিপ্ৰেক্ষিতত অতি সমসাময়িক। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কবিতাৰেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু স্বাধীনতাৰ পিছৰ পৰ্যায়ৰ আশে-পাশে তেওঁৰ সাহিত্য ৰচনাৰ উত্থান ঘটিছিল। সাহিত্য অকাডেমী বঁটা বিজয়ী “ককাদেউতাৰ হাড়” উপনাসখনক সৰ্বকালৰ ধ্ৰুপদী বুলি উল্লেখ কৰা হৈছে। তেওঁ সৰ্বমুঠ ৫ খন উপন্যাস লিখিছিল। ইয়াৰ লগতে বৰুৱাই শিশুৰ বাবেও সাহিত্য ৰচনা কৰিছিল। তেওঁৰ ৰচনাসমূহো বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। ১৯৮৪ চনত তেওঁ “সীৰলু” নামৰ এক অসমীয়া আলোচনী প্ৰকাশ কৰে যিখন পৰৱৰ্তী সময়ত “নতুন সীৰলু” হিচাপে প্ৰকাশ পায়।