ঘোষণা হ’ল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে । এপ্ৰিলৰ ২ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৪ এপ্ৰিলত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৬৩০টা ভোটকেন্দ্ৰত প্ৰায় ৫ লাখ ভোটাৰে ভোটদান কৰিব। উল্লেখযোগ্য যে এই নিৰ্বাচনত অনুসূচিত জনজাতিৰ বাবে ২৫ খন, মহিলাৰ বাবে ৬ খন আসন সংৰক্ষিত থকাৰ বিপৰীতে ১১খন‌ অসংৰক্ষিত আসন আছে ।

এই নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ মাৰ্চ আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৯ মাৰ্চ। পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত সমষ্টিসমূহৰ মুঠ ভোটাৰৰ সংখ্যা ৪,৪৫,৫৮৬ গৰাকী । ইয়াৰে ২,২৯,৩৯৪ গৰাকী মহিলা আৰু ২,১৬,১৭৭ জন পুৰুষ ভোটাৰ । অন্যান্য ভোটাৰৰ সংখ্যা হৈছে ১১ গৰাকী। উল্লেখযোগ্য যে মনোনয়ন প্ৰত্যাহাৰৰ পিছতেই ১৯ মাৰ্চ তাৰিখে প্ৰকাশ কৰা হ’ব প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ।

Leave A Reply

Your email address will not be published.