আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন। অহা ৮ মার্চ তাৰিখে জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হ’ব এই অনুষ্ঠানৰ। এম ডি ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট নাৰীক প্ৰদান কৰা হ’ব বঁটা। ভাৰতৰ প্ৰথম মহিলা মাউত পদ্মশ্রী পার্বতী বৰুৱাক অসম সাহসিকতা বঁটা, বাইক আৰোহী মীনাক্ষী দাসক অসম সাহসিকতা বঁটা, প্রতিদিন টাইমৰ ছিনিয়ৰ এংকৰ অঞ্জুমণি বৰদলৈক অসম কর্মজীবী বঁটা, উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ আৰু কণ্ঠশিল্পী জিন্টি দাসক অসম কণ্ঠজ্যোতি বঁটা, বৰঠাকুৰ আই এ এছ একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া বন্দনা বৰঠাকুৰক অসম কৰ্মজীৱী বঁটা, অভিনেত্রী ধ্যানী মোহন আৰু স্বাস্থ্য কর্মী শেৱালী কলিতাক প্ৰদান কৰা হ’ব অসম কর্মজীবী বঁটা। সেই অনুষ্ঠানতে গণশিল্পী মহেন্দ্ৰ হাজৰিকাক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা। দিছপুৰ প্ৰেছ ক্লাবত সংবামেল সম্বোধন কৰি আনুষ্ঠানিকভাবে এই কথা জনায় এম ডি ফাউণ্ডেচনৰ অধ্যক্ষ মাধৱ দাসে।