অসমৰ দৰে চহা আৰু জীপাল সংস্কৃতি বিশ্বৰ আন ক’তো বিচাৰি পোৱা নাযায়। হাজাৰ বছৰীয়া পৰম্পৰা, সংস্কৃতিৰ প্ৰতীক অসম হৈছে ভাৰতীয় সংস্কৃতিৰ বৰঘৰ। বৰলুইতৰ দৰে বিশাল সংস্কৃতিৰ ভৰাল, অসমৰ দৰে সভ্যতা, সংস্কৃতি, পৰম্পৰা সমগ্ৰ বিশ্বতেই বিৰল । এই সভ্যতা-সংস্কৃতিৰে সমৃদ্ধ এক গৌৰৱময় পৰিস্থিতিৰ সাক্ষী হ’ল অসম। এক নয়নাভিৰাম পৰিৱেশ সৰুসজাই ষ্টেডিয়ামত । অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা মোহময়ী মিনিহঁতৰ নৃত্যই মোহাছন্ন কৰিলে সৰুসজাইত উপস্থিত থকা প্ৰতিজন দৰ্শকক । আপ্লুত দেশ-বিদেশৰ ৰাষ্ট্ৰদূতসকল । ইতিহাসৰ বুকুত নাম ক্ষোদিত কৰিলে ঐতিহাসিক ঝুমুৰ নৃত্যই ।
ঝুমইৰ বিনন্দিনী অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই আদিবাসী ধনু আৰু চাহপাত উপহাৰ দি সম্ভাষণ জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰী, ৰাজ্যপালকে ধৰি সমূহ আমন্ত্ৰিত অতিথি তথা দৰ্শকক সম্বোধন কৰি আদৰণি ভাষণ আগবঢ়ায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ ভাষণৰ আৰম্ভণিতে তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈয়ে অসমৰ বাবে তিনিটা বৃহৎ উপহাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।