আজি বিশ্ব মাতৃভাষা দিৱস । ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰতা আৰু ভিন্ন ভাষাক স্বীকৃতি আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় ।
ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১৯৯৯ চনত ইউনেস্কোৱে ২১ ফেব্ৰুৱাৰী দিনটোক বিশ্ব মাতৃভাষা দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে। পোন প্ৰথম বাংলাদেশৰ উদ্যোগত উদযাপন আৰম্ভ কৰা হৈছিল। ২০০০ চনৰ পৰা সমগ্ৰ বিশ্বই মাতৃভাষা দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰে। ভাষা হৈছে ইজনে সিজনৰ সৈতে সহযোগিতা আৰু সংযোগ স্থাপনৰ উপায় । সমগ্ৰ দেশতে প্ৰচলিত বিভিন্ন উপভাষাৰ সৈতে ভাৰত বিশ্বৰ বাবে ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতীক হিচাপে থিয় দিছে। এই সন্দৰ্ভত সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয়।
ইতিহাস- ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে গঢ়ি তোলাৰ আন্দোলন আৰম্ভ হৈছিল।সেই সময়তে বাংলাদেশত চাৰিজন ছাত্ৰ শ্বহীদ হৈছিল। সেয়েহে এই দিনটোক বাংলাদেশত শ্বহীদ দিৱস হিচাপেও পালন কৰা হয়। তাৰ পিছত ১৯৯৯ চনৰ নৱেম্বৰ মাহত UNESCOৰ সাধাৰণ সন্মিলনে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ কথা ঘোষণা কৰে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদেও এই সিদ্ধান্তক আদৰণি জনায়। তেতিয়াৰে পৰাই ২১ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে।
এইবাৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ ২৫ বছৰীয়া জয়ন্তী। এই বছৰৰ বিষয়বস্তু হৈছে: “ভাষাসমূহ গুৰুত্বপূৰ্ণ: আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ ৰূপালী জয়ন্তী উদযাপন।”