ৰেখা গুপ্তা হ’ব নতুন দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

দিল্লী নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এঘাৰ দিন অতিক্ৰম কৰাৰ পাছত ঘোষণা কৰা হয় দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম।যদিও পূৰ্বতে ঘোষণা কৰা হৈছিল যে,বৃহস্পতিবাৰে দিল্লীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব কিন্তু মংগলবাৰলৈকে প্ৰকাশ কৰা নাছিল ভাৱী মুখ্যমন্ত্ৰীৰ নাম।দিল্লীৰ বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।দিল্লীৰ অষ্টম গৰাকী মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা তথা চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হ’ব পৰবেশ বাৰ্মা। আজি দুপৰীয়া ১২-৩৫ বজাত মুখ্যমন্ত্ৰী হিচাপে ৰেখা গুপ্তাক শপত বাক্য পাঠ কৰাব উপ ৰাজ্যপালে।

২৬ বছৰৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ ক্ষমতালৈ অহা বিজেপিয়ে প্ৰতিষ্ঠিত ৰামলীলা ময়দানত এক বিশাল অনুষ্ঠানৰ পৰিকল্পনা কৰিছে। এই বিশাল অনুষ্ঠানত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী, বিজেপি নেতা আৰু দিল্লী নিৰ্বাচনত প্ৰচাৰ চলোৱা আন ৰাজ্যৰ কৰ্মীসকলে অংশগ্ৰহণ কৰিব। 50 জনৰো অধিক চলচ্চিত্ৰ তাৰকা আৰু উদ্যোগপতি উপস্থিত থাকিব।উল্লেখযোগ্য যে,৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাঙনত ৪৮ খনকৈ আসন লাভ কৰি বিজেপি দলে ২৭ বছৰৰ পিছত দিল্লীত ক্ষমতালৈ আহিছিল।

Leave A Reply

Your email address will not be published.