আজি আলি আঃয়ে লৃগাং

আজি আলি আঃয়ে লৃগাং । মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং | ফাগুণ হ’ল কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ | এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ | ইয়াক লৃগাং বিহু বুলিও কোৱা হয় | আলি আঃয়ে লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি | ‘আলি’ মানে মূল বা কাণ্ড, ‘আঃয়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন | এই দিনটোতে দিচাংমুখ অফলাত মিচিংসকলে ব্ৰক্ষ্মপুত্ৰৰ চাপৰিত মাংগলিক পৰ্বৰে মাটিত গুটি সিঁচা আৰম্ভ কৰে | সমাজৰ মুখিয়ালজনে এই কাৰ্য সম্পাদন কৰে | লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং-আনন্দত মতলিয়া সকলো | লৃগাং প্ৰস্তুতিৰ অন্য এটি বিষয় হৈছে ‘আপ্ং’ তৈয়াৰ কৰা | লৃগাঙৰ প্ৰায় ১০/১৫ দিনৰ আগতে মিচিং তিৰোতাই আপং প্ৰস্তুত কৰে | কিন্তু লৃগাঙত সাধাৰণতে পঃৰ আপং (এবিধ ছাই মদ) ব্যৱহাৰ হয় | মাংগলিক পৰ্বত ব্যৱহাৰ কৰাৰ উপৰি লৃগাঙৰ ভোজত এইবিধ আপং ব্যৱহাৰ কৰা হৈছে | আলি আঃয়ে লৃগাংআলি আঃয়ে লৃগাং বছৰি আহে আৰু যায়, দি যায় শুকান পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ | সেয়েহে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আটায়ে মিলি দঃঞি-পঃলক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আকুল আহ্বান জনায় | আনহাতে আলি আঃয়ে লৃগাং সন্দৰ্ভত দিচাংমুখ অফলাত মিচিং গাভৰু সকলে সংবাদ-মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি এইদৰে কয় | লগতে লৃগাং পাঁচ বা সাঁত দিনৰলৈকে উদযাপন কৰি বিশেষ নীতি-নিয়মেৰে এই উৎসৱৰ সামৰণি পৰিব ।

Leave A Reply

Your email address will not be published.