দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ অভিনেত্ৰী
মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰাৰ বাবে বাংলাদেশ আৰক্ষীয়ে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী মেহেৰ আফ্ৰজ শাওনক। গ্ৰেপ্তাৰৰ পূৰ্বে জামালপুৰ সদৰ উপজিলাৰ নোৰুণ্ডী ৰেল ষ্টেচনৰ সমীপৰ তেওঁৰ পৰিয়ালৰ ঘৰ জ্বলাই দিয়া হয়। আৱামি লীগৰ সৈতে শাওন আৰু তেওঁৰ পৰিয়ালৰ সম্পৰ্ক আছে।
ডিটেক্টিভ ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰেজাউল কৰিম মালিকৰ মন্তব্য অনুসৰি বৃহস্পতিবাৰে নিশা ধনমণ্ডিত তেওঁক আটক কৰা হৈছিল। শাওনৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন হৈছে আৰু তেওঁক জেৰা কৰি থকা হৈছে। উল্লেখযোগ্য যে পৰিয়ালৰ ঘৰত আক্ৰমণ আৰু তাৰ পিছত অগ্নিসংযোগ কৰা হয় । এই ঘটনাৰ কেইঘণ্টামান পিছতে শাওনক গ্ৰেপ্তাৰ কৰা হয়। বাতৰি অনুসৰি জামালপুৰ সদৰ উপজিলাৰ নোৰুণ্ডী ৰেল ষ্টেচনৰ সমীপত সন্ধিয়া প্ৰায় ৬ বজাত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বাসিন্দাই ঘৰটোত জুই লগাই দিয়ে। ঘৰটো তেওঁৰ পিতৃ মহম্মদ আলীৰ আছিল । মহম্মদ আলী পেছাত এগৰাকী অভিযন্তাৰ আছিল ।