আজি কলাগুৰুৰ জন্মবাৰ্ষিকী

আজি বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, শিল্পী, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম বাৰ্ষিকী। অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্মদিনটো সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে ।

১৯০৯ চনৰ ৩০ জানুৱাৰীত বেংগল প্ৰেছিডেন্সি ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ’লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়েহে ‘ৰাভা’ উপাধি গ্ৰহণ কৰে।

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ’কুইন এমপ্ৰেছ’ পদক লাভ কৰে। ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত ‘বাঁহী‘ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু ‘আৱাহন‘ আলোচনীত লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে লগ লাগি ১৯৩৫-৩৭ চনত বিষ্ণুপ্ৰসাদ ৰাভাই ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।

১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত ‘তাণ্ডৱ নৃত্য‘ প্ৰদৰ্শন কৰি বিষ্ণুপ্ৰসাদ ৰাভাই বিশেষ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। তাতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰে। ১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে।

১৯৪৬ চনত ‘চিৰাজ‘ বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে কমিউনিষ্ট দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ৯ মাহৰ বাবে জেললৈ পঠিওৱা হয়।

অসমীয়া সাহিত্য সংস্কৃতি গদ্য,পদ্য,গীত সকলোলৈ বহু বৰঙনিৰে সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে বিষ্ণুৰাভাই ৷ তেওঁ ৰচনা কৰা দুশৰো অধিক গীতক ৰাভা সংগীত নামেৰে জনা যায়৷ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ গায়ক। শ্ৰীমন্ত শংকৰ দেৱৰ বৰগীত শিকি বিষ্ণুৰাভাই বৰগীতক সাম্প্ৰতিক সময়ত আগবঢ়াই লৈ গৈছিল ৷ তেখেতৰ গীতসমূহত মাতৃ প্ৰেম, দেশ প্ৰেমৰ লগতে প্ৰকৃতি আদি বিভিন্ন বিষয় দেখিবলৈ পোৱা যায় ৷তেখেতৰ গীতসমূহ শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় ৷ চিৰ সেউজ ৰচনাসমূহৰ উপৰিও বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ অভিনেতা ৷

অসমীয়া সাহিত্য সংস্কৃতিৰ ভৰাঁল চহকী কৰা তথা অসমৰ বিপ্লৱী গণ শিল্পীগৰাকীৰ মৃত্যু হয় ১৯৬৯ চনৰ ২০ জুনত ৷

Leave A Reply

Your email address will not be published.