অসমী আইৰ অস্তিত্ব ৰক্ষাৰ যুঁজত শত শত শ্বহীদৰ আত্মবলিদানেৰে পুণ্য আৰু ধন্য এই অসম ভূমি৷আজি ১০ ডিচেম্বৰ, শ্বহীদ দিৱস।অসম আন্দোলনত জাতিৰ হকে জীৱন উৎসৰ্গা কৰা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে সেই ঐতিহাসিক আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৫৫ গৰাকী বীৰ শ্বহীদক আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে।
১৯৭৯ চনৰ ১০ ডিচেম্বৰ,এই দিনটোতেই জাতি ৰক্ষাৰ বাবে আত্মবলিদান দিছিল বৰপেটা জিলাৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে।
ছবছৰীয়া অসম আন্দোলনৰ ইতিহাসৰ প্ৰথমগৰাকী শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ l এইগৰাকী ছাত্ৰনেতাৰ স্মৃতিতেই প্ৰতি বছৰে ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।ইয়াৰোপৰি এই দিনটোতেই অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।এই শ্বহীদ দিৱসৰ সৈতে জড়িত হৈ আছে সহস্ৰাধিক লোকৰ ত্যাগ, আহুতি তথা জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। শ্বহীদ দিৱসৰ আছে বিশেষ তাৎপৰ্য।চন ১৯৭৮ চনৰ ২৪মাৰ্চ ৷ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হয় ৷যাৰ ফলত সমষ্টিটোত উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰে ৷সেই সময়তে ২৭এপ্ৰিলত জাননী জাৰী কৰা হয় ভোটাৰ তালিকা সংশোধনৰ। তেতিয়াই পোহৰলৈ আহে এক ভয়ংকৰ তথ্য ৷ মঙলদৈ সমষ্টিৰ ভোটাৰ তালিকাত ধৰা পৰে প্ৰায় ৪৫০০০ গৰাকী সন্দেহযুক্ত বিদেশী নাগৰিকৰ নাম৷তাৰ পাছতেই ৰাজ্যত বিয়পি পৰে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ জুই l আৰম্ভ হ’ল আন্দোলনৰ উকমুকনি
সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ় লৈ উঠা এই আন্দোলনত হাজাৰ হাজাৰ অসমীয়াই যোগদান কৰি শক্তিশালী কৰি তুলিছিল আন্দোলনটোক ।তেনে সময়তে অসম বিয়পি পৰিল খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ খবৰ।লগে লগে দপদপাই জ্বলি উঠিল আন্দোলনৰ জুইকুৰা ৷ হিংসাত্মক ৰূপ ল’লে আন্দোলনে ৷ স্কুল-কলেজ সকলো অচল হৈ পৰিল৷ ইফালে আন্দোলন দমন কৰিবলৈ কঠোৰ হৈ পৰিল তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া।আন্দোলনকাৰীৰ ওপৰত চলিল আৰক্ষী নিৰাপত্তা বাহিনীৰ লাঠি আৰু গুলী ৷ ছবছৰ ধৰি চলিল এই আন্দোলন৷আৰক্ষী-সেনাৰ অত্যাচাৰৰ ফলত ৮৫৫ গৰাকীয়ে মৃত্যুক সাৱটি লোৱাৰ ওপৰিও চিৰদিনৰ বাবে কোঙা হৈ পৰিছিল বহু কেইগৰাকী লোক।আনহাতে শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ১৫আগষ্ট ১৯৮৫ চনত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত হয় ঐতিহাসিক অসম চুক্তি।আৰু তেতিয়াৰে পৰা ১০ ডিচেম্বৰৰ দিনটো পালন কৰি অহা হৈছে শ্বহীদ দিৱস হিচাপে ৷ আজিও প্ৰতিজন অসমীয়াই সুঁৱৰি আহিছে শ্বহীদৰ সেই অমূল্য ত্যাগক।