আমলখি এবিধ অতি পুষ্টিকৰ ফল । ই স্বাস্থ্যৰ বাবে খুবেই উপকাৰী । আমলখিৰ কিছুমান মূল উপকাৰিতাৰ বিষয়ে জানো আহক:
আমলখি ভিটামিন চিৰ এক উৎকৃষ্ট উৎস, যিয়ে ৰোগ প্ৰতিৰোধ কৰাত বিশেষভাৱে সহায় কৰে, ছালৰ যত্ন লয় । শৰীৰক সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে । আমলগিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু বদহজম, এচিডিটি, আৰু কোষ্ঠকাঠিন্য নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসূ বুলি জনা যায় । এন্টিঅক্সিডেন্ট গুণৰ বাবে আমলখিয়ে বাৰ্ধক্যৰ লক্ষণ যেনে বলিৰেখা আৰু ৰং কমোৱাত সহায় কৰে। চুলিত তেল হিচাপে আৰু চুলিৰ চিকিৎসাত আমলখি বহুলভাৱে ব্যৱহাৰ কৰা হয় । ইয়াৰ ফলত চুলিৰ শক্তি বৃদ্ধি হয়, চুলি সৰা কম হয়, আৰু অকালতে চুলি ধূসৰ হোৱা ৰোধ হয়।
কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে আমলখিয়ে মধুমেহৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, যাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী।
আমলখিৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে আৰু ই বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হ’ব পাৰে । আমলখিয়ে যকৃত পৰিষ্কাৰ কৰাত সহায় কৰে আৰু বিষমুক্তকৰণত সহায় কৰে, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়। আমলখিৰ প্ৰাকৃতিক প্ৰদাহ নিবাৰণ গুণ আছে যিয়ে বাতবিষৰ দৰে বিষ কমোৱাত সহায় কৰিব পাৰে আৰু ফুলা কমায়। আমলখিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু চৰ্বি কমাই ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াত ভিটামিন এৰ পৰিমাণ বেছি হোৱাৰ বাবে দৃষ্টিশক্তি উন্নত কৰে আৰু চকুৰ ছানি পৰা আৰু মেকুলাৰ ডিজেনেৰেচনৰ দৰে সমস্যা ৰোধ কৰিব পাৰে ।
আমলখিক আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিলে বা পৰিপূৰক হিচাপে ব্যৱহাৰ কৰিলে সামগ্ৰিক স্বাস্থ্যৰ বাবে এই সুবিধাসমূহ লাভ কৰাত সহায় কৰিব পাৰি।