ইলাচীত প্রটিন কার্বহাইড্রেট, কলেষ্টেৰেল, কেলৰি, ফেটচ, ফাইবাৰ, ছডিয়াম, পটাছিয়াম, ক’পাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, জিংক, ভিটামিন এ, ভিটামিন ডি আদি থাকে। ইলাচীয়ে যিকোনো খাদ্য সুস্বাদু কৰি তোলে। অকল খাদ্য সুস্বাদু কৰাই নহয়, ইলাচীত আছে সুস্বাস্থ্য বজাই ৰখাৰ প্ৰচুৰ কার্যকৰী গুণ। এটা হেলথ্ ৱেবছাইটে উল্লেখ কৰা মতে ইলাচীয়ে বহু ৰোগ নিৰাময় কৰাত সহায় কৰে।
ইলাচীত থকা এন্টিঅক্সিডেন্ট উপাদানে হৃদযন্ত্র ভালে ৰখাত সহায় কৰে। কলেষ্টৰে’লৰ মাত্রাও কমাই বাখে ইলাচীয়ে। উচ্চ ৰক্তচাপৰ সমস্যাত ইলাচীয়ে মহৌষধৰ কাম কৰে।
শ্বাস-প্ৰশ্বাসৰ সমস্যা হ’লে ইলাচী খাব পাৰে। ইলাচীয়ে চর্দি, কাহ, হাওফাওঁৰ সমস্যা তথা ৰক্ত সৰবৰাহৰ সমস্যা হ’লে সকাহ দিয়ে।
ব্রংকাইটিছ বা শ্বাস-প্রশ্বাসৰ সমস্যাত ইলাচী উপকাৰী। ৰক্তচাপ নিয়ন্ত্রণৰ ক্ষেত্রত ইলাচী অতি কার্যকৰী। উচ্চ বক্তচাপৰ সমস্যা হ’লে ইলাচী খাব পাৰে। এনেকুৱা সমস্যাত চুপ বা জুছৰ সৈতে ইলাচী গুড়ি কৰি খালে কম সময়ৰ ভিতৰতে ৰক্তচাপ নিয়ন্ত্রণলৈ আহে।
ডিপ্রেশনব দৰে মানসিক সমস্যা নিৰাময়ৰ ক্ষেত্ৰতো ইলাচী কার্যকৰী। ডিপ্ৰেশ্বনত ভুগিলে চাহৰ সৈতে মিহলাই ইলাচী খাওক।
হজমৰ সমস্যাতো ইলাচীয়ে কাম কৰে। ইলাচীত থকা এন্টি অক্সিডেন্ট আৰু এন্টি ইনফ্লেমেটৰি উপাদানে এই সমস্যা নিৰাময় কৰে। তদুপৰি ই অগ্নাশয় আৰু যকৃত ভালে ৰাখে। পেটত জ্বলা- পোৰা ভাব হ’লে বা এচিডিটিব সমস্যাত ভুগিলে ইলাচী খাব পাবে। সঘনাই হিকটি আহিলে ইলাচী খাওক। ইলাচীয়ে মুহূর্তৰ ভিতৰতে হিকটিৰ সমস্যা নোহোবা কৰে।
ভোক কম লাগিলে বা খোৱাৰ প্রতি অনিহা হ’লে ইলাচী খাব পাৰে।
দাঁত আৰু মুখ ভালে ৰখাত ইলাচীয়ে সহায় কৰে। ইলাচীত থকা এন্টিমাইক্রবিয়াল উপাদানসমূহে দাঁতৰ পাৰি মজবুত কৰি ৰাখে।
মুখৰ দুর্গন্ধ আঁতৰোৱাতো সহায় কৰে ইলাচীয়ে।
ইলাচীৰ খাদ্যগুণে কেন্সাৰৰ টিউমাৰ বা কোষসমূহৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে।
ইলাচীয়ে স্মৃতি শক্তি বঢ়ায়। ইয়াত থকা এন্টিঅক্সিডেন্ট উপাদানে মগজু শান্ত কৰি ৰাখে। দৈনিক এগিলাচ গাখীৰৰ সৈতে দুটা ইলাচী গুড়ি কৰি খালে উপকাৰিত হ’ব।
ইলাচীত থকা এন্টিবেক্টেৰিয়েল, এন্টিছেপ্টিক আৰু এন্টি ইনফ্লেমেট’ৰি উপাদানসমূহে ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে।