বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল । স্বপ্নভংগ হ’ব ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ।
কানাডা চৰকাৰে বন্ধ কৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম আঁচনিৰ । ভাৰত আৰু চীনকে ধৰি ১৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভিছা আবেদন প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ ২০১৮ চনত কানাডাৰ ইমিগ্ৰেচন, শৰণাৰ্থী আৰু নাগৰিকত্ব বিভাগে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম আঁচনিখন প্ৰৱৰ্তন কৰিছিল । আঁচনিখনৰ সফল আবেদনকাৰীয়ে কেইসপ্তাহমানৰ ভিতৰতেই কানাডাত অধ্যয়নৰ অনুমতি লাভ কৰিছিল । আনহাতে ভাৰতৰ পৰা অহা আবেদনকাৰীৰ বাবে প্ৰক্ৰিয়াকৰণৰ সময় প্ৰায় আঠ সপ্তাহলৈকে বিস্তৃত হৈছিল। আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে শিক্ষানুষ্ঠানসমূহৰ ক্ষমতাত হেঁচা প্ৰয়োগ কৰা বুলি প্ৰকাশ কৰি বন্ধৰ ব্যৱস্থা কৰা হৈছে। লগতে গৃহ নিৰ্মাণ আৰু চাকৰিৰ নাটনিৰ দৰে অৰ্থনৈতিক সংগ্ৰাম আৰু অনুপ্ৰৱেশকাৰীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ বাবে এই আঁচনিৰ বিৰোধীতা কৰি আঁচনিখন বন্ধ কৰিবলৈ ওলাইছে কানাডা চৰকাৰ ।
কানাডা চৰকাৰৰ ৱেবছাইটত আঁচনিখনৰ লিংকত লিখা আছিল যে আঁচনিখন বন্ধ হৈ আছে আৰু আবেদন কৰাৰ শেষ দিনটো আছিল ৮ নৱেম্বৰ। ইয়াৰ উপৰিও কানাডা চৰকাৰে অক্টোবৰ মাহত ঘোষণা কৰিছিল যে তেওঁলোকে দেশখনত ভৰ্তি হোৱা অনুপ্ৰৱেশকাৰীৰ সংখ্যাত যথেষ্ট কৰ্তন কৰিছে। অহা বছৰ নতুন স্থায়ী বাসিন্দাৰ সংখ্যা প্ৰায় ২০% কৰ্তন হোৱাৰ সম্ভাৱনা আছিল, আনহাতে কম অস্থায়ী বিদেশী শ্ৰমিকক কানাডালৈ আহিবলৈ দিয়া হ’ব। চৰকাৰে কয় যে এই কৰ্তনৰ ফলত কানাডাৰ জনসংখ্যা ০.২% হ্ৰাস পাব আৰু “গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু সামাজিক সেৱাৰ ওপৰত হেঁচা” লাঘৱ হ’ব।