আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোঁৱাই
ঘোষণা কৰা হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল । দ্বিতীয় বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল ড’নাল্ড ট্ৰাম্প । ট্ৰাম্প হ’ব আমেৰিকাৰ ৪৭তম ৰাষ্ট্ৰপতি । তাৰ মাজতেই বিশেষভাৱে চৰ্চিত হৈছে এগৰাকী ভাৰতীয় মহিলা । অৱশ্যে তেওঁ নহয় কমলা হেৰিছ? জানো আহক সবিশেষ ।
এই বিশেষ মহিলা গৰাকী হৈছে উষা চিলুকুৰী ৷ উষা হৈছে আমেৰিকাৰ নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ পত্নী । সেইমৰ্মে উষা চিলুকুৰী হৈ পৰিল আমেৰিকাৰ Second Women . অৱশ্যে উষা চিলুকুৰীৰ জন্ম আমেৰিকাতেই হৈছিল । তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ অন্ধ্ৰ প্ৰদেশৰ এখন গাঁৱত । ১৯৮০ চনত তেওঁৰ পিতৃ-মাতৃ ৰাধাকৃষ্ণ আৰু লক্ষ্মীয়ে আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল ।
উষাৰ মাতৃ বিজ্ঞানৰ এগৰাকী বিশেষজ্ঞা আৰু বৰ্তমান তেওঁ এগৰাকী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । ঊষাৰ পিতৃ ৰাধাকৃষ্ণ এজন মহাকাশ অভিযন্তা । সৰুৰে পৰা উষাৰ কিতাপৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছিল । তেওঁ আইনৰ অধ্যয়ন কৰি থকাৰ সময়তেই ভ্যান্সক লগ পাইছিল । তেতিয়াই দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক স্থাপন হয় । পিছলৈ এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হয় আৰু ২০১৪ চনত হিন্দু নীতি-নিয়ম অনুসৰি দুয়ো বিবাহপাশত আৱদ্ধ হয় ।
২০১৪ চনত উষাই প্ৰথমবাৰৰ বাবে ডেম’ক্ৰেটিক পাৰ্টিৰ কৰ্মী হিচাপে নাম পঞ্জীয়ন কৰিছিল । কিন্তু ২০১৮ চনত ভোটদানৰ বাবে ৰিপাব্লিকান পাৰ্টিত যোগদান কৰে । ভ্যান্সৰ ৰাজনৈতিক কেৰিয়াৰ গঢ় দিয়াত উষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । উষা ভ্যান্সৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বতো আছিল ।
ভ্যান্স আৰু উষা চিলুকুৰীৰ দুজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্প জয়ী হোৱাৰ লগে লগেই উষা চিলুকুৰীয়ে আমেৰিকাৰ ‘দ্বিতীয় মহিলা’ হিচাপে স্বীকৃতি ৰচনা কৰিছে ।